ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তনৰ অধিসূচনা জাৰিঃ অসম চৰকাৰলৈ কৃতজ্ঞতা নিখিল ৰাভা সাহিত্য সভাৰ

১৫ মে’, ২০২৫ ত ১০৫ খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰে অধিসূচনা জাৰি কৰাৰ পিছতে এক দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ল বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ।

author-image
Asomiya Pratidin
New Update
ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তনৰ অধিসূচনা জাৰিঃ অসম চৰকাৰলৈ কৃতজ্ঞতা নিখিল ৰাভা সাহিত্য সভাৰ

ডিজিটেল সংবাদ, চানডুবিঃ অৱশেষত বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ (নিখিল ৰাভা সাহিত্য সভা) দীৰ্ঘদিনীয়া দাবী এটা পূৰণ হ’ল। ১৫ মে’, ২০২৫ ত ১০৫ খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰে অধিসূচনা জাৰি কৰিছে।

Advertisment

উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ অনুসৰি প্ৰথম পৰ্যায়ত গোৱালপাৰা জিলাত ৮১খন আৰু কোকৰাঝাৰ জিলাত ২৪খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তন কৰা হ'ল। ইতিমধ্যে বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমে ৰাজ্যখনৰ ৰাভা অধ্যুষিত অঞ্চলৰ ১২খন জিলা সামৰি ৭১০ খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল।

১৯৭৩চনৰ ৮ এপ্ৰিলত জন্ম লাভ কৰা বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমে জন্ম লগ্নৰে পৰা দশক দশক ধৰি ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তন দাবী কৰি আহিছিল।উল্লেখ্য যে, ১৯৮৮চনৰ ১৯ মাৰ্চত অসম চৰকাৰে গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী জিলাৰ ৰাভা অধ্যুষিত এলেকাৰ ৭০খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাক বিষয় হিচাবে প্ৰৱৰ্তন কৰিছিল। 

লগতে তিনি বছৰ পিছত ৰাভা ভাষাক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ কথা আছিল। কিন্তু কোনো এখন চৰকাৰে ৰাভা মাধ্যম প্ৰৱৰ্তন নকৰিলে। অৱশেষত, বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বলিষ্ঠ পদক্ষেপত ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তন কৰা হ'ল।

ৰাভা জাতিৰ বাবে এয়া একান্তই আশা ব্যঞ্জক খবৰ লগতে ঐতিহাসিক ক্ষণ বুলিও অভিহিত কৰে বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ মুখ্য সম্পাদক ৰাজ কুমাৰ ৰাভা আৰু সাহিত্য সচিব মাটিৰাম ৰাভাই। এই বিষয়ববীয়া দুগৰাকীয়ে ৰুনচুমৰ হৈ দেশৰ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী লগতে অসম চৰকাৰৰ শিক্ষা বিভাগ কৰ্তৃপক্ষলৈও কৃতজ্ঞতা প্ৰকাশ কৰে।

অসম চৰকাৰ ৰাভা