/asomiyapratidin/media/media_files/2025/04/04/GZfis4mLkZ8krerqgT78.jpg)
ডিজিটেল ডেস্কঃ অব্যাহত আছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল। যদিও পৰিষদখনৰ নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰতিদ্বন্দিতা কৰিছে তথাপিও পৰিষদখনৰ ফলাফল একপক্ষীয় ভাৱে যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ সপেক্ষে যোৱাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে।
পৰিষদখনৰ নিৰ্বাচনক লৈ আত্মবিশ্বাসী হৈ থকা মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই অসমীয়া প্ৰতিদিনৰ আগত কয়, নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৩ টা সমষ্টিৰ ভিতৰত ৩২ টা সমষ্টিতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব। কেৱল এটা বা দুটা সমষ্টিতহে তেওঁলোকৰ প্ৰাৰ্থী কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। বাকী আটাই কেইটা সমষ্টিতে অনায়াসে তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ’ব।
উল্লেখ্য ৩৬ টা সমষ্টিৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এইবাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থী জয়ী হৈছে। গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে।
আজি পুৱাৰে পৰা চলি থকা ভোটগণনা যথেষ্ট লেহেমীয়া ধীৰ গতিৰে আগবাঢ়িছে। ৰাজ্যিক নিৰ্বাচন আয়োগ, অসমৰ তথ্য অনুসৰি কেইবাটাও সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনা প্ৰক্ৰিয়া অন্ত পৰিছে। সেই অনুসৰি গোৱালপাৰা জিলাৰ ধূপধৰা সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীগৰাকীয়ে ৩৩৭৬ টা ভোট লাভ কৰি আগবাঢ়ি আছে। কথাকুথিত বিজেপি প্ৰাৰ্থীগৰাকী ৩৫১৮ টা ভোট লাভ কৰি আগবাঢ়ি আছে।
একেদৰে কোচধোৱা দৰংগিৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ২২০৯ টা ভোট, উত্তৰ দুধনৈ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীগৰাকী ৩৮০৬ টা ভোট লাভ কৰি প্ৰথম ৰাউণ্ডত আগবাঢ়ি আছে।
আনহাতে ভোটগণনা কেন্দ্ৰৰ পৰা আমাৰ হাতত পৰা তথ্য অনুসৰি প্ৰথম ৰাউণ্ডত কামৰূপ জিলাৰ ১৪ টা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ফলাফল প্ৰকাশ পাইছে।
- বকো সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা।
- জোঙাখুলি সমষ্টিত আগবাঢ়ি আছেযৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰী ।
- বামুনীগাও সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অজিত ৰাভা।
- বন্দাপাৰা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা।
- লুকী সমষ্টিত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে. মাৰাক।
- উত্তৰ বনগাওঁ সমষ্টি আগবাঢ়ি আছে যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা ।
- জাৰিহাট সমষ্টিত আগবাঢ়ি আছেযৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা ।
- পান্টান সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা।
- গোবৰ্ধন সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চৰ জ্যোতিষ চন্দ্ৰ ৰাভা ।
- যৌথ মঞ্চৰ ৰাণী সমষ্টিত আগবাঢ়ি আছে পুষ্পাঞ্জলি কুমাৰী বড়ো।
- শিলপোটা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ কমলেশ্বৰ ৰাভা ।
- দক্ষিন বনগাওঁ সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চৰ মিনতি ৰাভা ।
- চান্দডুবি সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চৰ নৃপেন চন্দ্ৰ ৰাভা।
- কুলচি সমষ্টিত আগবাঢ়ি আছে যৌথ মঞ্চ ৰশ্মি মালা ৰাভা ।