ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ কংগ্ৰেছে ঘোষণা কৰিলে ৩৩ জনীয়া প্ৰাৰ্থী তালিকা...

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। মঙ্গলবাৰে কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ কংগ্ৰেছে ঘোষণা কৰিলে ৩৩ জনীয়া প্ৰাৰ্থী তালিকা...

ডিজিটেল ডেস্কঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। মঙ্গলবাৰে কংগ্ৰেছে পৰিষদখনৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ৩৬ টা সমষ্টিৰ ৰাভা হাছন স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ৩৩ টা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। অৱশিষ্ট ৩ টা সমষ্টিৰ বাবে দলটোৱে এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই। 

Advertisment

মঙ্গলবাৰে পৰিষদখনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সন্দৰ্ভত ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰে আহ্বায়ক সমিতিৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাই। সংবাদ মেলত তেওঁ কয়, "ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি ৩৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। বাকী তিনিটা সমষ্টিৰ প্ৰাৰ্থী বিভিন্ন সংগঠনৰে আলোচনা কৰি প্ৰকাশ কৰা হ'ব।

উল্লেখ্য যে, অহা ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া পৰিষদখনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ মাৰ্চ। ১৭ মাৰ্চত হব মনোনয়ন পৰীক্ষা আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ মাৰ্চ। সেই দিনাই প্ৰকাশ পাব চূড়ান্ত প্ৰাৰ্থী তালিকা। ইফালে ভোটগ্ৰহণৰ পাছত ৪ এপ্ৰিলত ঘোষণা হব নিৰ্বাচনৰ ফলাফল।

কোন সমষ্টিত কোনে পালে প্ৰাৰ্থিত্ব?

মঙ্গলবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি স্বায়ত্ব শাসিত পৰিষদখনৰ সমষ্টি ক্ৰমে ধূপধৰাত মীনা ৰাভা পাটগিৰি, কটাকটিত ৰবীন্দ্ৰ চন্দ্ৰ ৰাভা,  ধনুভংগাত পাৰ্থ প্ৰতীম কছাৰী,  ৰংজুলিত সুভানী ৰাভা,  খুজধোবা দৰংগিৰিত পৰমা ৰাভা,  উত্তৰ দুধনৈত শান্তি বসুমতাৰী,  দক্ষিণ দূধনৈত সঞ্জীৱ ৰাভা,  বান্দসিত ৰেক্সটাৰ বি চাংমা,  শালপাৰাত অমৰ ৰাভা,  হাবৰাঘাটত ৰাখী চাংমা,  ডিৰমাজাখিলিত জীৱন ৰাভা,  পূব আজাগৰত গীতিকা ৰাভা,  জিনাৰীত সুনীলচন মমিন, আগিয়াত সোনালী সূত্রধৰ, দুৱাৰকাত চম্পাবালা ৰাভা,  বৰদামাল কল্যানপুৰত মিঠু ৰাভা,  দদানত শীতলা ৰাভা, জাৰিহাটত শুভৰাম ৰাভা,  বন্দাপাৰাত প্ৰণয় খাখলাৰী,  কলিয়াকটত ভোগলাল ৰাভা, লুকিত ৰম্ভা ৰাভা,  হাহিমত হৰেশ্বৰ বড়ো,  জংগাখুলিত ৰঞ্জন ৰাভা,  বকোত থানেশ্বৰ ৰাভা,  উত্তৰ বনগাঁৱত দুৰ্গেশ্বৰ বড়ো,  দক্ষিণ বনগাঁৱত জে ডি চাংমা, বামুনীগাঁৱত জ্যোতিষ ঠাকুৰীয়া,  গোৱৰধনত উৰাই ৰাভা,  পানটানত মনোজ কুমাৰ ৰাভা,  কুলসীত প্ৰদীপ ৰাভা,  চানডুবিত উমাকান্ত ৰাভা আৰু ৰাণীত বন্দনা বড়োৱে প্ৰাৰ্থিত্ব লাভ কৰিছে।

নিৰ্বাচন