আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ ৩৬ টা সমষ্টিৰ ভিতৰত ৩৩ তাত হ'ব ভোটগ্ৰহণ

আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। পুৱা ৭ বজাৰ পৰা স্বায়ত্ব শাসিত পৰিষদখনৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত  ৩৩ টা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

author-image
Tushar Pratim
New Update
আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ ৩৬ টা সমষ্টিৰ ভিতৰত ৩৩ তাত হ'ব ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। পুৱা ৭ বজাৰ পৰা স্বায়ত্ব শাসিত পৰিষদখনৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত  ৩৩ টা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হব। ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰসমূহ সাজু হৈ উঠিছে।

Advertisment

উল্লেখযোগ্য যে, মুঠ ৩৬ টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

এইবাৰ পৰিষদখনৰ নিৰ্বাচনত মুঠ ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী ভোটাৰে ভোট দান সাব্যস্ত কৰিব।  ইয়াৰে ২ লাখ ১৬ হাজাৰ ১৮১ গৰাকী পুৰুষ ভোটাৰ। গোৱালপাৰা জিলাত সৰ্বাধিক ২ লাখ ৫৪ হাজাৰ ৬৪৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

গোৱালপাৰা জিলাত থকা পৰিষদীয় সমষ্টি কেইটাৰ ভিতৰত ১৭ গৰাকী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্রার্থী, ২ গৰাকী বিজেপি, ১৭ গৰাকী কংগ্ৰেছ, ১৭ গৰাকী ভি পি আই আৰু ১০ গৰাকী নির্দলীয় প্রার্থী।

ৰাজ্যিক নিৰ্বাচন  আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ১৫ মাৰ্চ ২০২৫ ৰ পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বাচনী প্ৰচাৰক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াকে ধৰি বহু হাই প্ৰফাইল নেতাই অংশ লোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পূৰ্বৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই সন্মিলিতভাৱে এন ডি এৰ বেনাৰত অংশ লৈছিল। সেই নিৰ্বাচনত ৩৬ টা সমষ্টিৰ ভিতৰত ৩ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল। এইবাৰ বিজেপিয়ে ৬ টা আৰু ৰাভা হাছং যৌথ মঞ্চই ৩০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে। 

উল্লেখ্য যে, মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত। ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ১১ টা সমষ্টি সংৰক্ষণমুক্ত। মুঠ ৬৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত এই নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। ভোট গ্ৰহণৰ পাছতে ৪ এপ্ৰিল ২০২৫ ত হ'ব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ভোট গণনা।

 

নিৰ্বাচন ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ