শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰাকমূহুৰ্তত ধিঙত মহিলাৰ উদ্যোগত ভাওনাৰ সাজ পোছাকৰ ব্যৱস্থা

শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰাকমূহুৰ্তত ধিঙত মহিলাৰ উদ্যোগত ভাওনাৰ সাজ পোছাকৰ ব্যৱস্থা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শৰতৰ পূৰ্ণিমা নিশাৰ ৰাস উৎসৱক লৈ ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ। শ্ৰী কৃষ্ণৰ ভক্তি ৰসত চেমনীয়াৰ পৰা জেষ্ঠ্য জনলৈকে সকলো একগোট হৈ প্ৰতিখন সত্ৰ, নামঘৰত ৰাস ভাওনাৰ প্ৰস্তুতি আৰম্ভ হৈছে। সমান্তৰালকৈ ৰাস পৰিৱেশনৰ বাবে প্ৰয়োজনীয় সাজ-পোছাকৰ বিপনী সমূহতো ভাওৰীয়া সকলৰ হেতা-ওপৰা দেখিবলৈ পোৱা গৈছে।

সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ অনুপম সৃষ্টি ভাওনাৰ অনুৰাগী, ধৰ্মপ্ৰাণ, সাংস্কৃতিক কৰ্মী কবিতা দাসে ধিঙত শংকৰ মাধৱ পোছাক ভাণ্ডাৰ নামে এখনি ভাওনাৰ সাজ পোছাকৰ নিৰ্মাণ উদ্যোগ আৰম্ভ কৰিছে।

নগাঁও জিলাৰ ধিং লহকৰ গাঁৱত কবিতা দাসৰ "শংকৰ মাধৱ পোছাক ভাণ্ডাৰ" ত এতিয়া অঞ্চলটোৰ ভাওৰীয়া সকলৰ সমাগম ঘটিছে। নগাঁও জিলাৰ পশ্চিমাঞ্চলত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ সাজপাৰ একেবাৰে নাটনি হোৱাত কবিতা দাসে শংকৰ মাধৱ পোছাক ভাণ্ডাৰৰ মাধ্যমেৰে আৰম্ভ কৰিছে গুৰুজনাৰ সংস্কৃতিৰ চৰ্চা। ইতিমধ্যে বৃহত্তৰ ধিং অঞ্চলৰ বিভিন্ন ভাওনা, ৰাসৰ সাজ পাৰ সমূহৰ বাবে ভাৱৰীয়া সকলৰ আগমনৰ লগতে বটদ্ৰৱা, জামুগুৰি, হাতীচোং আদি স্থানৰ পৰা বিভিন্নজনে আগতীয়া বন্দবস্ত কৰিছে বুলি জানিব দিয়ে।

উল্লেখনীয় বিষয় যে বিগত সময়ত স্থানীয় ভাওৰীয়া সকলে এযোৰ সাজপাৰৰ বাবে বহু দূৰদূৰণিলৈ যাব লগীয়া হৈছিল। যাৰ বাবে এতিয়া নিচেই কাষতে থকা ধিঙৰ শংকৰ মাধৱ পোছাক ভাণ্ডাৰৰ উন্নত মাণদণ্ডৰে নিৰ্মিত সাজপাৰে বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে স্থানীয় ভাৱৰীয়া সকলক। ধিঙৰ উদ্যোগী মহিলা কবিতা দাসৰ গুৰুজনাৰ প্ৰতি থকা গুৰুসেৱা ভক্তি আৰু সংস্কাৰৰ বাবে অঞ্চলটোৰ বিভিন্নজনে শলাগ লৈছে।

শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰাকমূহুৰ্তত ধিঙত মহিলাৰ উদ্যোগত ভাওনাৰ সাজ পোছাকৰ ব্যৱস্থা
নকল সুৰাই প্ৰাণ কাঢ়িলে ভালেকেইজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in