নগাঁৱত অসম বুৰঞ্জীৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা

নৱ প্ৰজন্মৰ মাজত বুৰঞ্জীৰ জ্ঞান প্ৰসাৰৰ লক্ষ্যৰে বিগত বছৰৰ দৰে এইবছৰো নগাঁৱত হ'ব কুইজ প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
নগাঁৱত অসম বুৰঞ্জীৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, নগাঁও:নৱ প্ৰজন্মৰ মাজত বুৰঞ্জীৰ জ্ঞান প্ৰসাৰৰ লক্ষ্যৰে বিগত বছৰৰ দৰে এইবছৰো নগাঁৱত হ'ব কুইজ প্ৰতিযোগিতা। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কলং কপিলী বিদ্যাপীঠৰ সহযোগত চতুৰ্দশ বাৰ্ষিক ধ্ৰুৱজ্যোতি বৰা সোঁৱৰণী সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা খন ১ডিচেম্বৰত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে।

Advertisment

পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেবাৰ্শীষ দাসে এক বিবৃতি যোগে জনাই যে কেৱলমাত্ৰ বুৰঞ্জীৰ ওপৰতহে কুইজ প্ৰতিযোগিতা খন অনুষ্ঠিত হ'ব।প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।প্ৰতিযোগিতা প্ৰতিটো দলত ২ জনতকৈ অধিক প্ৰতিযোগী হব নোৱাৰিব।প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০টকা।ইচ্ছুক প্ৰতিযোগী দলক নামভৰ্তি কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায়।

প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৭০০১টকা,দ্বিতীয় পুৰস্কাৰ ৫০০১,তৃতীয় পুৰস্কাৰ ৩০০১ টকাৰ লগতে চলন্ত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হব।ইয়াৰ উপৰি চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ বিজেতাক ১০০০টকাৰ লগতে মানপত্ৰ আগবঢ়োৱা হ'ব।ইচ্ছুক প্ৰতিযোগী দলসমূহে সবিশেষ জানিবৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ নতুন বজাৰস্থিত কাৰ্যালয়ত অথবা ৭০০২৭৬৮৮৬৩,৯৭০৭৫১২৭৫৭,৬০০১৬৫১১৩২ নম্বৰত যোগাযোগ কৰিবলৈ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে অনুৰোধ জনাইছে।

আৰু পঢ়ক: মিছন বসুন্ধৰা-২ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

assam nagaon