সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক অধিৱেশন উপলক্ষে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আয়োজন

সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক অধিৱেশন উপলক্ষে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আয়োজন

author-image
Asomiya Pratidin
New Update
সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক অধিৱেশন উপলক্ষে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আয়োজন

ডিজিটেল সংবাদ, যোৰহাটঃ অহা ৫ জানুৱাৰীত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সদৌ অসম আহোম সভাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অসম বুৰঞ্জীমূলক সদৌ অসম ভিত্তিত প্ৰাইজমানি মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে। উল্লেখযোগ্য যে, সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন উপলক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিৰ বাবে নিৰ্ধাৰিত বিষয়বস্তু হৈছে "অসম বুৰঞ্জীৰ পাতত টাই ল্যুং টাই খাম (আহোম) সকল তথা সাধাৰণ অসম বুৰঞ্জী"।

Advertisment

পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া কুইজ প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দল সমূহক যথাক্ৰমে ৮ হাজাৰ, ৭ হাজাৰ আৰু ৬ হাজাৰ টকাসহ মানপত্ৰ লগতে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান প্ৰাপ্ত এই তিনিওটা দলকে গাইপতি ১ হাজাৰকৈ টকা আৰু মানপত্ৰ প্ৰদান কৰিব। চৰাইদেউ জিলাৰ মৰাণ কুইজ ক্লাবে পৰিচালনা কৰিবলগীয়া প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দৰ্শকৰ বাবেও বিশেষ পুৰস্কাৰৰ ব্যৱস্থা ৰাখিছে আয়োজক সমিতিয়ে।

প্ৰতিযোগিতাখনিত যোগদানৰ মাচুল ১শ টকা ধাৰ্য কৰা প্ৰতিযোগিতাখনৰ বিষয়ে অধিক জানিব বিচৰা ইচ্ছুক প্ৰতিযোগীয়ে ৯৭০৬২৫৯৩৩৪ অথবা ৬০০২৭৩৭৮১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে।

Also Read: বাইক-চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত ৰক্তাক্ত ঢকুৱাখনাৰ ৰাজপথ