/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/python.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ চৈগুৰি গাঁওত শনিবাৰে পুৱা এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয় । চৈগুৰি গাঁওৰ ব্যক্তি বম্বেশ্বৰ গগৈৰ ফিচাৰীৰ পাৰত পাতি থোৱা জালত লাগে এই অজগৰটো। শনিবাৰে পুৱতি নিশা লগা বুলি সন্দেহ কৰা এই অজগৰতো পুৱা পৰিয়ালৰ লোকে দেখি গঞা আৰু ঢকুৱাখনা বন বিভাগক খবৰ দিয়ে ।
ঢকুৱাখনা উপ খণ্ড বন বিভাগৰ বিট অফিচাৰ কৰুণা কান্ত দাসৰ নিৰ্দেশত বনকৰ্মী বৃষভ দাস আৰু উমা কান্ত ভঁৰালী গৈ কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ অজগৰটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয় লৈ আনে। অজগৰটোৰ ওজন প্ৰায় ১০ কেজি হব বুলি জানিবলৈ দি বন বিভাগে অজগৰটো দুলুং বনাঞ্চলত মুকলি কৰি দিব বুলি জানিবলৈ দিলে ।
আৰু পঢ়ক : অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠন