/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/snn.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ বুধবাৰে চৰাইদেউ পৰ্বত চাহ বাগিছাত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ বাগিচাখনৰ ৭ নং লাইনৰ নিবাসী প্ৰিতম কঁৰৰ ঘৰত পুৱাই অজগৰটোৱে এটা কুকুৰা ভক্ষণ কৰি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাত হুৱাদুৱা পৰিস্থিতি সৃষ্টি হয় ৷
ইফালে প্ৰকাণ্ড অজগৰটো চাবলৈ গ্ৰামাঞ্চলটো জনতাই হেতাওপৰা কৰে ৷ পিছত স্থানীয় বন বিভাগক খবৰ দিয়াত অজগৰটো উদ্ধাৰ কৰি নিয়ে ৷উল্লেখযোগ্য যে বিগত এক দুই মাহৰ উক্ত অঞ্চলটোৰ কেইবাটাও অজগৰ ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিছে ।
আৰু পঢ়ক: জেহাদিৰ ঘাটিলৈ ৰূপান্তৰ গোৱালপাৰাৰ পাখিওৰা চৰ, মাদ্ৰাছত শিক্ষক হিচাপে নিযুক্তি ২ জেহাদী…
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us