ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা উপ-আৰক্ষী অধীক্ষক পুস্কল গগৈৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে পুস্কল গগৈৰ। ধন দাবীৰ গোচৰত গ্রেপ্তাৰ হৈছিল ASP পুস্কল গগৈ।

author-image
Asomiya Pratidin
New Update
ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা উপ-আৰক্ষী অধীক্ষক পুস্কল গগৈৰ জামিন মঞ্জুৰ

ডিজিটেল ডেস্কঃ বজালীৰ উপ আৰক্ষী অধীক্ষক পুস্কল গগৈৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে পুস্কল গগৈৰ। ধন দাবীৰ গোচৰত গ্রেপ্তাৰ হৈছিল ASP পুস্কল গগৈ।

আৰক্ষীয়ে তদন্ত প্রক্রিয়া প্রায় সমাপ্ত কৰাৰ বাবেই জামিন দিয়ে আদালতে। সমান্তৰালকৈ দীৰ্ঘদিন কাৰাগাৰত থকাৰ বাবেও জামিন মঞ্জুৰ ন্যায়ালয়ৰ।

অৱশ্যে এতিয়াও জামিন মঞ্জুৰ কৰা নাই SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ। ৭ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল দুয়োজন আৰক্ষী বিষয়া। লগতে গ্ৰেপ্তাৰ হৈছিল ১০জন আৰক্ষীসহ এজন ড্রাইভাৰ। গোচৰটো সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল তদন্তকাৰী আৰক্ষীৰ।

Also Read: আত্মসমৰ্পনঃ মূলসূতিলৈ উভতিল ৪ জনকৈ আলফা(স্বা) কেডাৰ

Assam police