/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/9487ff26-1376-495a-b211-fad5646f47e5.jpg)
ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদামৰ অন্যতম নাট্যানুষ্ঠান ৰঙ্গালয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা ৭ জুনত গুৱাহাটীত মঞ্চস্থ কৰিব মহাকবি বোধায়নৰ সংস্কৃত নাট "ভগৱদজ্জুকম্"৷গুৱাহাটী পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধ্যা ৬-৩০ বজাত মঞ্চস্থ হ'বলগীয়া উক্ত নাটকৰ অসমীয়া অভিযোজনা মৃণাল কুমাৰ বৰাৰ, পৰিকল্পনা আৰু পৰিচালনা অঞ্জল বৰাৰ৷ উক্ত নাটকত সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি ৰঙ্গালয়ে আন্তৰিকতাৰে কামনা কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us