/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/PURONI.jpg)
ডিজিটেল সংবাদ,চামগুৰিঃ পুতলা পিষ্টলৰ সলনি আপোনাৰ শিশুটিক এখন গ্ৰন্থ উপহাৰ দিয়ক বাণীৰে ১৯৯৬ চনৰ পৰা পুৰণিগুদামত অনুষ্ঠিত হৈ অহা শাৰদীয় গ্ৰন্থমেলা এইবাৰো পুৰণিগুদাম দৈনিক বজাৰত অপ্ৰমাদী কবি মাধৱ কন্দলি ক্ষেত্ৰত চাৰিদিনিয়াকৈ অনুষ্ঠিত হৈ মঙলবাৰে নিশা সফলতাৰে সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/3bd9800c-6e2e-4af7-a83f-26c58b6cc3b8-1024x768.jpg)
পুৰণিগুদামৰ ১১৯ বছৰীয়া লেৰেলা খনিকৰৰ কাঠৰ দুৰ্গা প্ৰতিমাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলা যোৱা ৪ অক্টোবৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ সফল সামৰণি পৰাৰ লগে লগে নিজম পৰে মাধৱ কন্দলি ক্ষেত্ৰ।গ্ৰন্থ মেলাৰ লগত সংগতি ৰাখি বিভিন্ন শিশু উপযোগী কৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠান ,আলোচনা চক্ৰ অনুষ্ঠিত হৈ পুৰণিগুদামত এক ব্যতিক্ৰমী পৰিবেশ সুচনা কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/056c7b6e-43d8-44cc-b60e-a6cc36479162-1024x683.jpg)
উল্লেখ যে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলা প্ৰথমতে পুৰণিগুদামৰ কেইবাজনো সমাজ সচেতন লোকে পুৰণিগুদাম শৰ্মা বুক এম্প্ৰৰিয়ামত অনুষ্ঠিত কৰিছিল যদিও পিছলৈ ২০০৮ চনৰ পৰা এই গ্ৰন্থমেলাৰ দায়িত্ব গ্ৰহন কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱে।প্ৰেছ ক্লাৱে দায়িত্ব লোৱাৰ পিছৰে পৰা গ্ৰন্থমেলাই পুনৰ প্ৰাণ পাই উঠাৰ দৰে সফলতাৰ দিশত খোজ দিবলৈ সক্ষম হয়।বিগত বছৰ সমূহত প্ৰেছ ক্লাৱে বিভিন্ন শিশু মনোগ্ৰাহী অনুষ্ঠান ,প্ৰতিযোগিতা অনুষ্ঠিত কৰি সফলতা লাভ কৰাৰ পিছত এই বছৰতো শিশুৰ কলৰৱেৰে মুখৰিত হৈ পৰে গ্ৰন্থমেলা বাকৰি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/ec625afa-7d32-44b5-8904-530e8522b994-1024x768.jpg)
পুজাৰ বতৰত শিশুক খেলনা সামগ্ৰীৰ লগতে এখন গ্ৰন্থ কিনাৰ বাবে চলোৱা চেষ্টাৰ সফল ৰূপ দিবলৈ সক্ষম হোৱা পুৰণিগুদামৰ এই গ্ৰন্থ আন্দোলনৰ যাত্ৰাত পুৰণিগুদাম বাসীয়ে ব্যাপক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে পুৰণিগুদামৰ নিকতবৰ্তী অঞ্চলৰ শিশুৰ শৈক্ষিক, মানসিক ,বৌদ্ধিক উত্তৰণত সহযোগিতা আগবঢ়োৱা পুৰণিগুদামৰ এই গ্ৰন্থ আন্দোলনৰ যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ শিশু উপস্থিত হৈ প্ৰতিবছৰে গ্ৰন্থমেলাৰ বাকৰি অধিক সজীৱ কৰি তোলা দেখা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/e3eb3a1b-6b1d-4313-a3d8-1fea83a7d425-1024x512.jpg)
এইবাৰ আনবছৰ সমূহৰ দৰে গ্ৰন্থমেলাত থকা গ্ৰন্থৰ বিপনী সমূহত গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰাৰ লগতে গ্ৰন্থৰ বিক্ৰীৰ অধিক হোৱা দেখা যায়।বিশেষকৈ এইবাৰ শিশু উপযোগী গ্ৰন্থৰ বিক্ৰী পূৰ্বৰ বছৰৰ অভিলেখ ভংগ কৰা দেখা যায়।বিশেষকৈ শিশু উপযোগী গ্ৰন্থ গ্ৰন্থ বিপনী সমূহত শেষ হৈ পৰে।যিটো সময়ত মবাইল ,ইন্টাৰনেটে গ্ৰন্থৰ বিক্ৰী হ্ৰাস হোৱা কথা প্ৰচাৰিত হৈ আহিছে ।
সেই সময়ত পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো তাৎপৰ্যপূৰ্ণ হিছাপে বিবেচিত হৈছে।উল্লেখ যে এই বৰ্ষত এই গ্ৰন্থমেলাই ২৪ বছৰ অতিক্ৰম কৰিলে ।২০২০ বৰ্ষত ৰূপালী জয়ন্তীত ভৰি দিব লগা গ্ৰন্থমেলা খনি অহা বৰ্ষত আৰু অধিক ক সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে এই বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি মনি মাধৱ মহন্তক পুনৰ সভাপতি হিছাপে নিৰ্বাচিত কৰি ৰূপালী জয়ন্তী অধিক সফল কৰাৰ বাবে বছৰযোৰা চেষ্টা চলোৱা হব বুলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তৰফৰ পৰা জানিব পৰা গৈছে।