/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/94ce3ccc-111b-473d-b67f-b97bcdadeedd/boko_12.jpg)
boko boko
ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত এখন প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ জাৰাপাৰাগাঁৱৰ পূৰ্ণ চন্দ্ৰ প্ৰাথমিক বিদ্যালয়খন স্থাপনৰ অহা ডিচেম্বৰ মাহত ৫০ বছৰ পূৰ্ণ হ'ব।
সেইবাবে গাঁওবাসীয়ে সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে। সোণালী জয়ন্তী উদযাপনৰ কাম-কাজ চলোৱাৰ সুবিধাৰ বাবে সোমবাৰে গাঁওখনৰ জাৰাপাৰা চ'কত উদযাপন সমিতিয়ে এটা কাৰ্যালয় মুকলি কৰে ।
কাৰ্যালয়টো মুকলি কৰে বকোৰ জ্যেষ্ঠ অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী যতীন পাঠকে। কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , কাৰ্যকৰী সভাপতি বিমল ৰাভা,সম্পাদক উৎপল ৰাভা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৰিশ চন্দ্ৰ কলিতা , সহকাৰী শিক্ষক উদয় বসুমতাৰী, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা , কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভা, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভা, জাৰাপাৰা গঞা ৰাইজৰ সভাপতি গিৰিশ ৰাভা, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে।
উল্লেখযোগ্য যে অহা ২৩ আৰু ২৪ ডিচেম্বৰত প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপন কৰা হ'ব।