পুৰণিগুদামৰ ঐতিহাসিক দূৰ্গা পূজা...

পুৰণিগুদামৰ ঐতিহাসিক দূৰ্গা মণ্ডপত নৱমীৰ দিনা পুৱাৰে পৰা ভক্ত সকলৰ ভিৰ হয়।

author-image
Asomiya Pratidin
New Update
পুৰণিগুদামৰ ঐতিহাসিক দূৰ্গা পূজা...

ডিজিটেল সংবাদ, পুৰণিগুদাম: পুৰণিগুদামৰ ঐতিহাসিক দূৰ্গা মণ্ডপত নৱমীৰ দিনা পুৱাৰে পৰা ভক্ত সকলৰ ভিৰ হয়। ১২২ বছৰ পূৰ্বে কৃৰ্তীমান শিল্পী লেৰেলা খনিকৰৰ হাতৰ পৰসত প্ৰাণ পাই উঠা বেল গছৰ কাঠৰ প্ৰতিমাৰ বাবে বিখ্যাত নগাঁৱৰ পুৰণিগুদামৰ এই দূৰ্গা পূজা।

Advertisment

বিগত ১২০ ৰৰো অধিক কাল পূজা সমিতিয়ে সযতনে সংৰক্ষণ কৰা স্থায়ীভাৱে এই প্ৰতিমাৰ পূজণ অব্যাহত ৰাখিছে। পূৰ্বে টিঙৰ চালিঘৰত ৰাখিয়ে প্ৰতি বছৰে হেঙল হাইতাল সানি দূৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল যদিও ৫ বছৰমানৰ পূৰ্বে ইয়াত স্থায়ী এক পকী মন্দিৰ নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰা হয়।

এই কাৰ্যত বিভিন্ন প্ৰকাৰে সহযোগী শতা আগবঢ়াই পুৰণিগুদামৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱায়ো। প্ৰতিবছৰে বৰুৱাৰ লগতে গুৱাহাটীত থকা পুৰণিগুদামৰ বহুলোক বেল গছত লেৰেলা খনিকৰৰ হাতৰ পৰসত প্ৰাণ পাই উঠা দেৱী দুৰ্গাৰ আশীষ লয়। ইফালে কাঠৰ প্ৰতিমাৰ বিশেষ আকৰ্ষণৰ বাবেই দূৰ দূৰণিৰ বহুলোক শাৰদীয় পূজাত ভাগ লোৱাৰ উদ্দেশ্যে এই পূজালৈ‌ আহে।

assam durga puja