ঘিলামৰাৰ ড০ পাপুল চাংমাইলৈ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষকৰ বঁটা-২০২২

ঘিলামৰাৰ ড০ পাপুল চাংমাইলৈ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষকৰ বঁটা-২০২২

ডিজিটেল সংবাদ,ঢকুৱাখনা : উত্তৰ পূব ভাৰতৰ কাৰিকৰী শৈক্ষিক ক্ষেত্ৰ খনৰ এক সমুজ্জ্বল নক্ষত্ৰ হৈছে  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা চৌখাম ঘাট গাঁওৰ মেধাবী যুৱক ড০ পাপুল চাংমাই । নিজৰ বিভিন্ন  সৃষ্টিশীল কৰ্মৰাজীৰে অসমৰ লগতে জন্মভূমি ঘিলামৰাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাধৰে শেহতীয়া ভাবে আজুৰি আনিছে ভাৰত চৰকাৰৰ  শ্ৰেষ্ঠ  "ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষকৰ বঁটা "২০২২ । 

ঘিলামৰা চৌখাম ঘাট গাঁওৰ লোকনিৰ্মান বিভাগৰ চতুৰ্থ বৰ্গৰ অৱসৰী কৰ্মচাৰী তুলসী গগৈৰ একমাত্ৰ পুত্ৰ পাপুল চাংমাইয়ে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০০১ চনত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে আৰু মেধাত্ব প্ৰদৰ্শনেৰে উত্তীৰ্ণ হৈ পাছত যোৰহাট ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ পৰা বি ই ডিগ্ৰী লাভ কৰে । পৰৱৰ্তী সময়ত অসম পাৱাৰ গ্ৰীড কৰ্পোৰেচনত সহকাৰী অভিযন্তা হিচাবে ২০০৯ চনৰ পৰা ২০১১ চনলৈ নিষ্ঠাবান সেৱা আগবঢ়াই বৃত্তিগত জীৱনৰ পাতনি মেলা অহা চাংমাইয়ে ২০১২ চনত অসম ডনবস্ক' কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত ইলেক্ট্রিকল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বিভাগত এচিষ্টেণ্ট প্ৰফেছৰ হিচাবে যোগদান কৰি সাম্প্ৰতিক সময়লৈকে গুণগত শিক্ষাদান আগবঢ়াই আহিছে ।

আই ই ই ই , আই ই টি আদি বিভিন্ন খ্যাতনামা পত্ৰিকাৰ লগতে অসমীয়া দৈনিক কাকততো বিভিন্ন সময়ত নিজস্ব গৱেষণা মূলক লেখনি প্ৰকাশৰ উপৰিও ১৮ খনকৈ গৱেষণা পত্ৰ প্ৰকাশ কৰি  অহা  এইগৰাকী বৰেণ্য প্ৰতিভাধৰ কাৰিকৰী শিক্ষাবিদক  ২০২২ বর্ষৰ  "নেচনেল  ইঞ্জিনিয়াৰিং টিছাৰ এৱাৰ্ড"ৰে  কেন্দ্ৰীয় চৰকাৰে বিভূষিত কৰাৰ স্বাভাৱিকতে আনন্দ উল্লাসৰ ঢৌ প্ৰবাহিত হৈছে গৃহভূমি ঢকুৱাখনাৰ ঘিলামৰাত । নিজৰ মেধাত্বৰ বাবে ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কালত অসম চৰকাৰৰ পৰা মেধাবী শিক্ষা  বৃত্তি লাভ , এন চি চিৰ সৰ্বোৎকৃষ্ট "চি" প্ৰমানপত্ৰ অর্জনকে প্ৰমুখ্য কৰি বিদ্যায়তনিক ক্ষেত্ৰতো মেটমৰা ব্যুৎপতি অর্জন কৰিবলৈ সমৰ্থ হোৱা অমায়িক , নিৰহংকাৰী , নিৰ্জু স্বভাৱৰ যুৱক ড০ পাপুল চাংমাইৰ এনে বিৰল স্বীকৃতি প্ৰাপ্তিত আনন্দিত আৰু গৌৰৱান্বিত পিতৃ তুলসী চাংমাই । পাপুল চাংমাইৰ একালৰ শিক্ষা গ্ৰহণ থলী ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়াল , ঘিলামৰা প্ৰেছ ক্লাব , ইংগিত নাট্য গোষ্ঠী , স্বেচ্ছাসেৱী সংগঠন "চেভেস্কু"কে  ধৰি আত্মীয় স্বজন , গুণগ্ৰাহী আৰু শুভাকাংক্ষী সকলে পাপুলৰ অভিনন্দন জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in