অবৈধ সম্পৰ্ক, হীৰাৰ ব্যৱসায়ী আৰু দুই প্ৰেমিক-প্ৰেমিকা! হোটেল ৰেডিছন ব্লুত ভয়ংকৰ কাণ্ড

অবৈধ সম্পৰ্ক, হীৰাৰ ব্যৱসায়ী আৰু দুই প্ৰেমিক-প্ৰেমিকা! হোটেল ৰেডিছন ব্লুত ভয়ংকৰ কাণ্ড

ডিজিটেল ডেস্কঃ মহানগৰীৰ পঞ্চতাৰকা হোটেলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰেমিক-প্ৰেমিকাই মিলি হত্য়া কৰিলে প্ৰাক্তন প্ৰেমিকক। সোমবাৰে নিশা হোটেল ৰেডিছন ব্লুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

হত্যাৰ বলি হোৱা লোকজন সন্দীপ সুৰেশ কমলে বুলি চিনাক্ত হৈছে। ভুক্তভোগীৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি বিকাশ কুমাৰ শ্ব' আৰু তেওঁৰ প্ৰেমিকা অঞ্জলী শ্ব'ই মিলি হত্যা কৰিছে সন্দীপক।

ঘটনাৰ বিৱৰণী অনুসৰি সন্দীপ সুৰেশ কমলে গাড়ী আৰু হীৰাৰ ব্যৱসায়ী। ব্যৱসায় সংক্ৰান্তত তেওঁ গুৱাহাটী আৰু কলকাতালৈ অহা যোৱা কৰি থাকে । যোৱা ছেপ্টেম্বৰ মাহত গুৱাহাটী আহিছিল সন্দীপ। গুৱাহাটীৰ পিছত সন্দীপ গৈছিল কলকাতালৈ। কলকাতা বিমান বন্দৰতে অঞ্জলীৰ লগত চিনাকী হৈছিল সন্দীপৰ। দুয়ো সেই প্ৰথম সাক্ষাততেই ফোন নম্বৰো আদান-প্ৰদান কৰিছিল।

লাহে লাহে তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল। দুয়ো পুনে, কলকাতাত বহু নৈশ যাপনো কৰিছিল। সন্দীপ বিবাহিত আছিল আৰু তেওঁৰ এটি কন্যা সন্তানো আছে। কিন্তু তাৰ পাছতো সন্দীপে অঞ্জলীক বিয়াৰ প্ৰস্তাৱ দিছিল। অঞ্জলীয়ে মানি লোৱা নাছিল সেই প্ৰস্তাৱ। কিয়নো অঞ্জলীৰ বিকাশ শ্ব' নামৰ এজন প্ৰেমিক আছিল।

যেতিয়া অঞ্জলীক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল তেতিয়া অঞ্জলীয়ে সন্দীপৰ ফোন নম্বৰ ব্লক কৰিছিল। তাৰ পাছত সন্দীপে আৰম্ভ কৰিছিল ব্লেকমেইলিং আৰু দুয়োৰে গোপন মূহুৰ্তৰ ফটো বিকাশ আৰু অঞ্জলীৰ পৰিয়ালক প্ৰেৰণ কৰিছিল।

তাৰপাছতেই বিকাশ আৰু অঞ্জলীয়ে পৰিকল্পনা কৰিছিল যে তেওঁলোকে মিলি সন্দীপক অচেতন কৰিব আৰু ফটো, ভিডিঅ' ডিলিট কৰিব। সেই অনুসৰি গুৱাহাটীলৈ অহাৰ পৰিকল্পনা কৰিছিল অঞ্জলী আৰু সুৰেশে।

সোমবাৰে গুৱাহাটীলৈ আহি অঞ্জলী আৰু সুৰেশে ৰেডিছন ব্লুৰ ৯২২ নম্বৰ কোঠা বুক কৰিছিল আৰু সেই একেই হোটেলতে ১২৪ নম্বৰ কোঠাত আছিল বিকাশ। পৰিকল্পনা অনুসৰি ৰুমৰ দুৱাৰ সামান্য খুলি ৰাখিছিল অঞ্জলীয়ে।

নিশা সন্দীপ আৰু অঞ্জলীৰ কোঠাত প্ৰৱেশ কৰিছিল বিকাশ। হতাহতি হৈছিল সন্দীপ আৰু বিকাশৰ মাজত। সেই হতাহতিতেই মৃত্যু হয় সন্দীপৰ।

ঘটনা সংঘটিত কৰিয়েই দুই প্ৰেমিক প্ৰেমিকাই পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰে দুয়োকে।অভিযুক্তৰ মোবাইল ফোন ইতিমধ্যে জব্দ কৰা হৈছে।ঘটনাত চতুৰ্থ ব্যক্তি জড়িত হৈ থকা নাই

অবৈধ সম্পৰ্ক, হীৰাৰ ব্যৱসায়ী আৰু দুই প্ৰেমিক-প্ৰেমিকা! হোটেল ৰেডিছন ব্লুত ভয়ংকৰ কাণ্ড
প্ৰতিভাসম্পন্ন অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in