বিমান বন্দৰতে বাধা দিয়া হ'ল চানা ইৰশ্বাদক, যাবলৈ দিয়া নহ'ল পুলিৎজাৰ বঁটা গ্ৰহণ কৰিবলৈ...

ক'ভিড-১৯ ৰ সংকট কালত প্ৰশংসনীয় স্থিৰ চিত্ৰ সাংবাদিকতাৰ বাবে চানা ইৰশ্বাদলৈ আগবঢ়োৱা হৈছিল পুলিৎজাৰ বঁটা

author-image
Asomiya Pratidin
New Update
বিমান বন্দৰতে বাধা দিয়া হ'ল চানা ইৰশ্বাদক, যাবলৈ দিয়া নহ'ল পুলিৎজাৰ বঁটা গ্ৰহণ কৰিবলৈ...

ডিজিটেল ডেস্ক : ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰখ্যাত স্থিৰ চিত্ৰ সাংবাদিক চানা ইৰশ্বাদক বাধা প্ৰদান কৰে আমেৰিকালৈ যাত্ৰা কৰাত । সাংবাদিক গৰাকীয়ে ২০২২ বৰ্ষৰ পুলিৎজাৰ বঁটা গ্ৰহণ কৰিবলৈ নিউ ইয়ৰ্কলৈ যাত্ৰা কৰিবলৈ ওলোৱা মূহুৰ্ততে সংঘটিত হয় এই ঘটনা ।

আনহাতে, এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে বিমান বন্দৰ কৰ্তৃপক্ষ । মান্য পাছপোৰ্ট আৰু ভিছা থকাৰ পাছতো আমেৰিকালৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবে আশ্বৰ্য প্ৰকাশ কৰে সাংবাদিক গৰাকীয়ে

উল্লেখ্য যে, সাংবাদিক সুৰক্ষা কমিটিৰ এছিয়া মহাদেশৰ কাৰ্য্যক্ৰম সমন্বয়ক বেহ লিহে মন্তব্য প্ৰদান কৰে যে, ভাৰত চৰকাৰে কাশ্মীৰৰ সাংবাদিকৰ ওপৰত আৰোপ কৰা সকলো বাধা অতি শীঘ্ৰেই খাৰিজ কৰা উচিত ।

স্মৰ্তব্য যে, চানা ইৰশ্বাদক ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ জুলাই মাহত একেটি বিমান বন্দৰতে পেৰিছলৈ যোৱাৰ বাবে বাধা প্ৰদান কৰা হৈছিল ।

kashmir pulitzer award india