/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/98fe3af3-f535-4690-9213-db0eb2f7dc85/430.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী সদ্যপ্ৰয়াত ৰাধু চৌধুৰীৰ স্মৃতিত শনিবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। চ'চিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰৰ উদ্যোগত মথুৰাপুৰ সদৰ তিনিআলিত আজি সন্ধিয়া আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dbc397c8-92d5-4e93-92a5-493b310aca0d/4a32d85d_ea11_4605_94cb_11d4d3287c9f.jpg)
অনুষ্ঠানত সাংবাদিক আলিম আহমেদ, সমাজকৰ্মী যুগল বৰগোহাঁই উপস্থিত থাকি অঞ্চলটোৰ সৰবৰহী সমাজকৰ্মীগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰণৱ বৰগোহাঁয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে সক্ৰিয় ৰাজহুৱাকৰ্মী তথা একালৰ ছাত্ৰ নেতা শৈলেন ফুকনে।
Also Read: দুষ্টচক্ৰৰ দুষ্কাৰ্য ! শিক্ষয়িত্ৰীৰ নামত ভুৱা ফেচবুক একাউন্ট খুলি হাৰাশাস্তি