/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e9bd0813-a702-4ccb-b3fc-593197fd93e7/2.jpg)
জামুগুৰিত ৰাইজৰ প্ৰতিবাদঃ গৰুচোৰৰ লগত আৰক্ষীৰ মিতিৰালিৰ অভিযোগ
ডিডিটেল সংবাদ, জামুগুৰিহাটঃ শনিবাৰে নিশা গৰুচোৰকলৈ এক উত্তপ্ত পৰিৱেশ সৃষ্টি হয় জামুগুৰি আৰক্ষী থানাত ৷ জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ প্ৰায় দুই শতাধিক ৰাইজে আৰক্ষীৰ দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
অসম পুলিচ হাই হাই, দূৰ্নীতি বন্ধ কৰক, আৰক্ষী হুচিয়াৰ, দূৰ্নীতিত জৰিত আৰক্ষীক চাকৰিৰ পৰা বহিস্কাৰ কৰক আদি শ্ল'গান দি থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ৷ ৰাইজৰ অভিযোগ যে জামুগুৰি আৰক্ষীৰ গৰু চোৰৰ লগত থকা মিতিৰালিৰ বাবেই অঞ্চলটোত অবাধ গতিত গৰুচোৰ হৈ আহিছে ৷ নিতৌ গঞা ৰাইজৰ গৰুচোৰ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে গৰুচোৰে ৷
শনিবাৰে গটাইমাৰীৰ তিনিটাকৈ গৰুচোৰ ৰাইজে হাতেলোটে ধৰি আৰক্ষীক গটাই দিয়াৰ পাচত আৰক্ষীয়ে চোৰৰ পৰা মোটা অংকৰ ধন লৈ মুকলি কৰি দিয়াত উত্তেজিত হৈ পৰে ৰাইজ৷ শনিবাৰে নিশাই এইদৰে ৰাইজে জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে গটাইমাৰী, ভৰলী চাপৰী, দিঘলী চাপৰি অঞ্চলৰ প্ৰায় দুই শতাধিক ৰাইজে ৷
Also Read: ধিং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড...