হাতী মানুহৰ সংঘাত সমাধানৰ লক্ষ্যৰে সোণাপুৰৰ বেজেনীত নাগৰিক সভা

ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাখনো গাওঁ পঞ্চায়তত ব্যাপক হাৰত চলি থকা হাতী মানুহৰ সংঘাতত বাসগৃহ ধ্বংসৰ লগতে দুজন লোকক হাতীয়ে গচকি মৃত্যু মুখত পেলায়। 

author-image
Tushar Pratim
New Update
হাতী মানুহৰ সংঘাত সমাধানৰ লক্ষ্যৰে সোণাপুৰৰ বেজেনীত নাগৰিক সভা 

ডিজিটেল সংবাদ সোণাপুৰঃ: বিগত দুটা বছৰ ধৰি ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাখনো গাওঁ পঞ্চায়তত ব্যাপক হাৰত চলি আছে হাতী মানুহৰ সংঘাত। এই সংঘাতৰ ফলত অত্যধিক বাসগৃহ হাতীয়ে ধংস কৰাৰ লগতে দুজন লোকক হাতীয়ে গচকি মৃত্যু মুখত পেলায়। 

Advertisment

যোৱা ২ মে' তাৰিখে সোণাপুৰ গোমৰীয়াত ধন বৰা নামৰ লোকজনক হাতীয়ে গচকি আঘাত প্ৰাপ্ত কৰে। লোকজন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। 

আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫টা হাতীয়ে বিগত দুবছৰ ধৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে। আমচং অভয়াৰণ্যত হোৱা খাদ্য সংকট আৰু ভূমি বেদখলৰ ফলত আমচাং অভয়াৰণ্যত থকা হাতী জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে।

ডিমৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা এই হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ অৰ্থে আজি বিয়ালি বেজেনী ৰঙ্গমঞ্চত এখনি নাগৰিক সভা আয়োজন কৰা হয়। পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহযোগত আয়োজন কৰা এই সভাত ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোক উপস্থিত থাকে। 

আজিৰ সভাত সহকাৰী বন সংৰক্ষক পুষ্পধৰ বৰগোহাঁই, ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ সদস্য কৌশিক বৰুৱা,  বিশ্ব প্ৰকৃতি নিধিৰ প্ৰকল্প সমম্বয়ক ডেভিদ স্মিথ,  বন্যকৰ্মী ভাস্কৰ জ্যোতি দাস,  যুৱনেতা দিব্যজ্যোতি মেধি,  সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতি, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী শিৰোমণি কোঁৱৰ,  আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱ জ্যোতি গোস্বামী, কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৌশিক ৰংপি, বনাঞ্চলিক বিষয়া প্ৰাঞ্জল গগৈ প্ৰমুখ্যে কৰি বহু কেইজন ব্যক্তিয়ে এই সভাত বক্তব্য প্ৰদান কৰে।

আজিৰ সভাৰ অন্তত হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ৰাইজক লৈ এখনি সমিতি গঠন কৰা হয়।সমিতিয়ে ১৫ দিনৰ ভিতৰত চৰজমিন তদন্ত কৰি এক  প্ৰতিবেদন প্ৰস্তুত কৰি হাতীকেইটা আতৰাই পঠিওৱাৰ অৰ্থে অসমৰ মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকলক সাক্ষাৎ কৰি ৰাইজৰ হৈ পত্ৰ প্ৰদান কৰিব।

হাতী -মানুহৰ সংঘাত সোণাপুৰ