/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/feb1cfaf-f5db-417b-9ea5-7d7014d439fc/jamu.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ গড়মৰাত BTR সম্প্ৰসাৰণৰ বিৰোধিতাৰে সোমবাৰে বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত তথা বৃহত্তৰ চাৰিদুৱাৰ মৌজাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই বিশাল ৰাজহুৱা সভা।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৬জানুৱাৰীত ৰাজ্যৰ একাংশ গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাত শোণিতপুৰৰ চাৰিদুৱাৰ মৌজাৰ দুখন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছিল৷ শেহতীয়াকৈ পৰৱৰ্তী পৰ্যায়ত চাৰিদুৱাৰৰ আৰু ৮৪খন ৰাজহ তথা বনগাঁও ভূৱা তথ্যৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ বিছৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আজি ইয়াৰ বিৰুদ্ধে প্ৰায় ৫ সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰে চাৰিদুৱাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷
এই সভাত কেইবাজনো জাতীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি ভূৱা তথ্যৰে দেশৰ গৃহমন্ত্ৰালয়ৰ লগতে চৰকাৰক দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত এটা জনগোষ্ঠীৰ স্বাৰ্থৰ নামত আন সকলো জনগোষ্ঠীৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ বিচৰা কাৰ্যক প্ৰতিটো সংগঠনৰ প্ৰতিনিধিৰ লগত তীব্ৰ বিৰোধিতা কৰে৷
চাৰিদুৱাৰ মৌজাৰ প্ৰস্তাবিত গাঁও সমূহৰ প্ৰকৃত জনগাঁথনিৰ সবিশেষ তথ্য দেশৰ গৃহমন্ত্ৰালয়ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱাৰ লগতে বিষয়টোৰ সত্যতা অনুধাৱন কৰি অনাবড়োৰ প্ৰাধান্য থকা চাৰিদুৱাৰৰ গাঁও সমূহক বিটিআৰত চামিল নকৰিবলৈ আহ্বান জনাই ৰাইজে এইসমূহ গাঁৱক কোনোকাৰণতে বিটিআৰত অন্তৰ্ভুক্তি মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷
Also Read: খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...