প্ৰাক্তন আছু নেতাক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ মঙলদৈত

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন আছু নেতাক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ মঙলদৈত

ডিজিটেল সংবাদ,‌ মঙলদৈ : মঙলদৈত বুধবাৰে প্ৰাক্তন আছুনেতা মণিময় গোস্বামীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুস্থান অনুষ্ঠিত হয়। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সহযোগত মঙলদৈ শ্বহীদ ভৱনত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Advertisment

আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহসম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা মণিময় গোস্বামীৰ বিগত ১১চেপ্তেম্বৰ ২০২২ তাৰিখে মৃত্যু হৈছিল। আজি অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচন আছুৰ সহকাৰী সাধাৰণ সম্পাদক ধমেশ্বৰ দাসে। দাসে উন্মোচনী ভাষনত মন্তব্য কৰে যে মণিময়ে আছু এৰিলেও কোনো দিনে কোনো ৰাজনৈতিক দলত অংশগ্ৰহণ নকৰি আছুৰ হৈয়ে কাম কৰি আহিছিল, ছাত্ৰ জীৱনৰে বাকপটু গোস্বামী দৰং ওদালগুৰি জিলাৰ এগৰাকী সৱল নেতা আছিল।আছুই গোস্বামীক সদায় মনত ৰাখিব।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ জয়ন্ত ভট্টাচাৰ্যৰ,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ভাৰ্গৱ কুমাৰ দাস, প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৰেন ডেকা, প্ৰাক্তন ছাত্ৰ নেতা কন্দৰ্প কলিতা, অখিল কলিতা , মকুন্দ ডেকা, নাৰায়ণ মালাকাৰ,নিত্যানন্দ কলিতা, মকছেদ আলি,সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া , সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা,মণিময় গোস্বামীৰ পত্নী তথা গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ভূমিকা গোস্বামী, পৰিয়ালৰ হৈ উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শ্ৰম বিষয়া ভূচন্দ শৰ্মা,অৱসৰী শিক্ষক মোহিনী গোস্বামী, শিক্ষক ত্ৰৈলোক্য মোহন গোস্বামী, প্ৰাক্তন ছাত্ৰ নেতা অখিল কলিতা,গৰিয়া মৰিয়া দেশী পৰিষদৰ মূখ্য উপদেষ্টা ড০ চহিৰ ভূঞা,অসম বাৰ্তা জীৱি সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতি ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, আৰু সমাজৰ বিভিন্ন স্তৰৰ শতাধিক লোকে অংশগ্ৰহণ কৰে।

mangaldai aasu