নিৰ্বাচন উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ ঘোষণা…

নিৰ্বাচন উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ ঘোষণা…

author-image
asomiyapratidin
New Update
পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

ডিজিটেল ডেস্ক: ৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু উপ নিৰ্বাচন। এই উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।

প্ৰশাসনে জাৰি কৰা জাননী অনুসৰি উক্ত দিনত কাৰ্বি আংলং আৰু বিটিচিৰ অন্তৰ্গত ২২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত বন্ধ ঘোষণা কৰা হৈছে।

সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনা মতে উক্ত দিনা অঞ্চল কেইটাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান তথা বেংক, চাহ বাগিছা, আৰু উদ্যোগিক আদিকে কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

আৰু পঢ়ক: চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেণ শৰ্মাৰ দেহাৱসান

assam karbi anglong KAAC