/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-31.jpg)
ডিজিটেল ডেস্কঃ ২৬ খন জাতীয় বিদ্যালয়ত একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিলে অসম উচ্চতৰ শিক্ষা সংসদে। শিক্ষা সংসদে জাৰি কৰা DSE/GIS/PP/19/2021/5 নং নিৰ্দেশনাৰ জৰিয়তে অসমৰ মুঠ ২৫ খন জাতীয় বিদ্যালয় আৰু N0.DSE/GIS/PP/90/2021/17 নং নিৰ্দেশনাৰ জৰিয়তে শোণিতপুৰৰ পাঁচমাইল জাতীয় বিদ্যালয়ত একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/WhatsApp-Image-2021-08-24-at-8.10.58-PM_11zon-736x1024.jpeg)
৬ টা চৰ্ত সাপেক্ষে মুঠ ২৬ খন জাতীয় বিদ্যালয়ত একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰি শিক্ষা সংসদে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অস্থায়ী অনুমতিৰ আদেশ কেৱল ১বছৰ বৈধ হ'ব যাৰ ভিতৰত আবেদনকাৰীয়ে নিজৰ ভূমিত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব আৰু প্ৰস্তাৱ অনুসৰি বিদ্যালয়খন চলাব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/WhatsApp-Image-2021-08-24-at-8.10.58-PM_11zon_11zon-736x1024.jpeg)
নিৰ্দেশনা অনুসৰি বিদ্যালয়খনৰ কৰ্তৃপক্ষই পৰিচালনা সমিতি গঠন কৰিব লাগিব। ইয়াৰোপৰি বিদ্যালয় কৰ্তৃপক্ষই The Assam Non-Govt. Educational Institutions (Regulation and Management) Act.2006 ৰ ১০ নং অনুচ্ছেদৰ ৭ৰ পৰা ১৪ নং নিয়ম পালন কৰিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই আইনখনৰ ১৪ ৰ পৰা ১৬ নং নিয়মৰ অধীনত বিদ্যালয় পৰিচালনা কৰিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/WhatsApp-Image-2021-08-24-at-8.08.42-PM-1_11zon-740x1024.jpeg)
ইয়াৰ উপৰিও বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ী, স্থায়ী পঞ্জীয়নৰ বাবে অনলাইন মাধ্যমেৰে ১ বছৰৰ ভিতৰত সকলো নঠি পত্ৰৰ জৰিয়তে আৱেদন কৰিব লাগাবি। যদি কোনো কাৰণত অস্থায়ী ভাৱে পাঠ্যক্ৰম আৰম্ভ কৰা বিদ্যালয়ে নিয়ম অনুসৰি উপৰোক্ত চৰ্ত পূৰণ কৰিব নোৱাৰে তেনে বিদ্যালয়ে অস্থায়ীভাৱে একদাশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি বাতিল কৰা হ'ব।