এবিআৰচি ফাউণ্ডেশ্যনৰ উদ্যোগত বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱত খোৱা পানীৰ ব্যৱস্থা...

এবিআৰচি ফাউণ্ডেশ্যনৰ উদ্যোগত বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱত খোৱা পানীৰ ব্যৱস্থা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱা থানৰ মূল উৎসৰ হৈছে দৌল যাত্ৰা মহোৎসৱ। প্ৰতি বছৰে ফাল্গু পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা দৌল যাত্ৰা মহোৎসৱ তথা ফাকুৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম হয়। এই ভকত বৈষ্ণৱ সকলক বিশুদ্ধ খোৱা পানী যোগানৰ নিমিত্তে বটদ্ৰৱাত এইবেলি এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ উদ্যোগত ব্যৱস্থা কৰা হৈছে।

এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ উদ্যোগত চিমচ(SIMS) হস্পিতালতৰ সহযোগত বটদ্ৰৱা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শলগুৰি সত্ৰৰ প্ৰবেশদ্বাৰৰ নিলগতে এই দৌল যাত্ৰা মহোৎসৱৰ তীৰ্থযাত্ৰীৰ বাবে বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। আজি দৌল পূৰ্নিমাৰ দিনাৰ পৰা বিনামূলীয়া বিশুদ্ধ খোৱা পানী বিতৰণ কাৰ্যসূচী আৰম্ভ হব বুলি এবিআৰচি(ABRC) ফাউণ্ডেশ্যনৰ সঞ্চালক অংকুৰ কলিতা আৰু দিব্যজ্যোতি বৰুৱাই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in