নিষিদ্ধ পাৱাৰলুমৰ গামোছা,মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহিত কাজিৰঙাৰ শিপিনী

নিষিদ্ধ পাৱাৰলুমৰ গামোছা,মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহিত কাজিৰঙাৰ শিপিনী

ডিজিটেল সংবাদ, কাজিৰঙা : ১ মাৰ্চৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত অসমত নিষিদ্ধ হ’ব পাৱাৰলুমৰ গামোচা, আৰণাই, মেখেলা চাদৰ ৷ পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ, আৰনাইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাত উৎসাহিত কাজিৰঙাৰ শিপিনী ৷ কাৰণ অসমৰ থলুৱা বস্ত্ৰৰ আৰ্হিত পাৱাৰলুম উৎপাদিত বস্ত্ৰই অসমৰ বজাৰ দখল কৰাৰ ফলত ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছে অসমৰ শিপিনী ৷

যন্ত্ৰত উৎপাদিত বস্ত্ৰৰ তুলনাত শিপিনীয়ে হস্ততাঁতত উৎপাদন কৰা বস্ত্ৰ ব্যয়বহুল হোৱাৰ বাবে মূল্যও কিছু বেছি হয় ৷ তাৰে সুবিধালৈ একাংশই অসমৰ বজাৰত মেলি দিয়া কম মূল্যৰ গামোচা বা চাদৰ মেখেলাৰ বৃদ্ধি পাইছে চাহিদা ৷ বিপৰীতে হস্ত্ৰ তাঁত শিল্পই ফেৰ মাৰিব নোৱাৰা অৱস্থাই বিমোৰত পেলাইছে শিপিনী সকলক ৷ এনে সময়ত মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত হৈ পৰিছে শিপিনীসকল ৷ থলুৱা শিল্পৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আদৰণীয় পদক্ষেপে অসমৰ সংস্কৃতিক সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য শিপিনী সকলৰ ৷ সমাগত ৰঙালী বিহুৰ প্ৰস্তুতিৰে তাঁতবাতি আৰম্ভ কৰা শিপিনী সকলৰ আশা এইবাৰ বিহুত অসমৰ হস্ত শিল্পই উপযুক্ত মৰ্যদা লাভ কৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in