পদপথৰ জীৱ-জন্তুৰ বাবে খোৱাপানীৰ যোগান

ধুবুৰী চহৰৰ কেইজনমান যুৱক-যুৱতীয়ে হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ। বাট-পথত অনাই বনাই ঘূৰি-ফূৰা জীৱ-জন্তুৰ বাবে যোগান ধৰিছে খোৱাপানীৰ। চহৰখনৰ একাংশ প্ৰকৃতিপ্ৰেমী যুৱক-যুৱতীয়ে গ্ৰহণ কৰা এনেধৰণৰ প্ৰচেষ্টাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী পদক্ষেপ

ব্যতিক্ৰমী পদক্ষেপ

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী চহৰৰ কেইজনমান যুৱক-যুৱতীয়ে হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ। বাট-পথত অনাই বনাই ঘূৰি-ফূৰা জীৱ-জন্তুৰ বাবে যোগান ধৰিছে খোৱাপানীৰ। চহৰখনৰ একাংশ প্ৰকৃতিপ্ৰেমী যুৱক-যুৱতীয়ে গ্ৰহণ কৰা এনেধৰণৰ প্ৰচেষ্টাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।

Advertisment

ধুবুৰী চহৰৰ বিশিষ্ট সমাজসেৱী তথা প্ৰকৃতি প্ৰেমী যুৱক দীপংকৰ মজুমদাৰৰ নেতৃত্বত চহৰ খনৰ একাংশ যুৱক-যুৱতীয়ে নিজা উদ্যোগতে মাটিৰ পাত্ৰকে ধৰি অন্যান্য সামগ্ৰী ক্ৰয় কৰি দেওবাৰে চহৰ খনৰ ১০টা কৈ ঠাইত জীৱ-জন্তুৰ বিশেষ কৈ গৰু, ছাগলী, কুকুৰ আদিৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াত চহৰ খনৰ ৰাইজে যুৱক-যুৱতী সকলৰ এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰিছে। আনহাতে দীপংকৰ মজুমদাৰ হঁতৰ এই প্ৰচেষ্টাক আদৰি লৈছে ধুবুৰী চহৰৰ একাংশ পুৰুষ-মহিলাই। একাংশ পুৰুষ-মহিলাই ৰাস্তাৰ এচুকত  জীৱ-জন্তুৰ বাবে ৰখা মাটিৰ পাত্ৰত প্ৰতিদিনে পানী যোগান ধৰাৰো দায়িত্ব লৈছে। উৎকট গৰমৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত ৰাস্তাত ঘূৰি-ফুৰা গৰু-ছাগলী, কুকুৰৰ খোৱাপানীৰ বাবে সামান্যতম দৃষ্টি দিয়াত সমাজৰ বাবে এয়া এক শুভ লক্ষণ বুলি বহুতেই মন্তব্য কৰা দেখা গৈছে।

ধুবুৰী