বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱক কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী…

বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱক কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱক কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে কোৰোনা পৰীক্ষা আৰু ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ৪৫ বছৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিৰ ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলক শনিবাৰে ভেকচিন প্ৰদান কৰা হয়।

Advertisment

বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মীৰ উপস্থিতিত বটদ্ৰৱা থানৰ হাটীবহাৰ ভকত বৈষ্ণৱ, সত্ৰাধিকাৰৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, দেবেন আতৈ, মনি আতৈ, নামলগোৱা ডম্বৰুধৰ গায়ন, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সহকাৰী সম্পাদক লক্ষী বৰাকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৄ সমন্বিতে শতাধিক লোকক স্বাৱ পৰীক্ষাৰ অন্তত প্ৰতিষেধক প্ৰদান কৰা হয়। বটদ্ৰৱা থানৰ সভাঘৰৰ কাষৰ মুকলি গৃহত সকলো ভকত বৈষ্ণৱে শাৰী পাতি ভেকচিন গ্ৰহণ কৰে।