জন্মস্থান নামতিত অভিনেত্ৰী অমৃতা গগৈ, প্ৰতিঘাতৰ সংলাপ আওৰাই ব্যাপক প্ৰচাৰ অভিযান, VIDEO

জন্মস্থান নামতিত অভিনেত্ৰী অমৃতা গগৈ, প্ৰতিঘাতৰ সংলাপ আওৰাই ব্যাপক প্ৰচাৰ অভিযান, VIDEO

author-image
asomiyapratidin
New Update
জন্মস্থান নামতিত অভিনেত্ৰী অমৃতা গগৈ, প্ৰতিঘাতৰ সংলাপ আওৰাই ব্যাপক প্ৰচাৰ অভিযান, VIDEO

ডিজিটেল সংবাদ, নামতিঃ কাঞ্চনজংঘা, মিছন ছাইনা, ৰত্নাকৰৰ পিছত অসমীয়া ছবিগৃহলৈ আহি আছে প্ৰতিঘাত। প্ৰতিঘাত নামৰ ছবিখনক লৈ উজনিৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰচাৰ অভিযান।ছবিৰ প্ৰমোচনৰ বাবে জন্মস্থান নামতিত শনিবাৰে উপস্থিত হ'ল অমৃতা গগৈ।

অমৃতাৰ লগতে পদ্মনাভকে ধৰি বহুকেইজন প্ৰতিঘাতৰ অভিনেতা নামতিত উপস্থিত হোৱাৰ লগে লগে আনন্দত ঘেৰি ধৰিলে অমৃতাক। বহুতে ল'লে ছেলফি। কোলাত কেচুৱা লৈ মাৰিলে ছেলফি, আনন্দত নাচিলেও।

অসমীয়া ছবিজগতত বেয়া দিন অহা নাই বুলি কয় প্ৰতিঘাতৰ নায়িকা অমৃতাই। তেওঁ কয়, অসমীয়া ছবিজগতলৈ সোণালী দিন আহিছে।