চিলাপথাৰ কেবাৰঙত পঃৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি

চিলাপথাৰ কেবাৰঙত পঃৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,চিলাপথাৰ : অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ পঃৰাগ এক ধৰ্মীয় পৰম্পৰাৰ লোক উৎসৱ । অতি ব্যয়বহুল এই উৎসৱ প্ৰতিবছৰে উদযাপন নকৰি কিছু বছৰৰ অন্তৰে অন্তৰে গাঁৱসমূহে উদযাপন কৰে ।

মিচিং জনগোষ্ঠী অধ্যুষিত কেবাৰঙ্গ গাঁৱত সুদীৰ্ঘ ৪৪ টা বছৰৰ ব্যৱধানত এই বছৰৰ ৩, ৪ আৰু ৫ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে পঃৰাগ উৎসৱ । প্ৰায় ২০ লাখ টকাৰ বাজেটেৰে উদযাপন কৰিবলৈ লোৱা এই উৎসৱত স্থানীয় তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰিব ।

ইতিমধ্যে গঠন কৰা উদযাপন সমিতিয়ে উৎসৱৰ প্ৰস্তুতিৰ কাম যথেষ্ট আগবঢ়াইছে । সেই সন্দৰ্ভত বুধবাৰে কেবাৰঙ্গ মুৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰা হয় এক বিশাল ৰাজহুৱা সভা । উদযাপন সমিতিৰ সভাপতি দীনেশ দলেই সভাপতিত্ব কৰা সভাখনত উৎসৱৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

সভাস্থলীত মিছিং জীয়ৰী-বোৱাৰী তথা ডেকা-গাভৰুৰ গুমৰাগ-চ:মানৰ সুৰ আৰু নৃত্যই এক উখলমাখল পৰিৱেশৰ সৃষ্টি কৰে । অহা এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া প:ৰাগ উৎসবলৈ সকলো ৰাইজক অংশগ্ৰহণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

চিলাপথাৰ কেবাৰঙত পঃৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি
মৌজাদাৰ দেৱপ্ৰতীম বৰঠাকুৰৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in