/asomiyapratidin/media/media_files/2025/03/26/deIvC3XrTiPRHANtvGeR.jpg)
ডিজিটেল ডেস্কঃ অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰগৰাকীয়ে ভিতৰলৈ মাতি নি পাছত ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে আপকুৰ কাৰ্বি আংলং জিলা সমিতিয়ে।
সংগঠনটোৰ কাৰ্বি আংলং জিলাৰ সভাপতি ছামছিং ক্ৰ' আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক অভিসন্ধিমূলকভাৱে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সাংবাদিকগৰাকীক বিনাচৰ্তে মুকলি কৰি দিবৰ বাবে ডিজিপি আৰু অসম চৰকাৰৰ গৃহ বিভাগক আহ্বান জনাইছে।
তাৰোপৰি অনাগত দিনত এনে ধৰণৰ সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায়।
বিশ্বনাথতো সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুগ্ধে সাংবাদিকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰে। এই প্ৰতিবাদৰ অন্তত সাংবাদিকগৰাকীক বিনা চৰ্তত মুকলিৰ দাবী তুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।