/asomiyapratidin/media/media_files/2025/11/27/jjjdd-2025-11-27-09-05-23.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত MBK TMPK, MMK , MDK ট্ৰাইবেল সংঘৰ পূব জীয়া ভৰলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধাৰিকাটি জনজাতি ৰাইজৰ সহযোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিৰুদ্ধে বিশাল জোৰ সমদল উলিওৱা হয়।
বৰদিকৰাই মিৰি গাঁৱৰ পৰা বামুণিপাম লৈকে প্ৰায় পাঁচ শতাধিক যুৱক যুৱতী পুৰুষ মহিলাই হাতে হাতে জোৰ সমদল লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক শ্লোগান দি এই জোৰ সমদল ধাৰিকাটি খেলপথাৰ পৰা পালেংগাও খেলপথাৰলৈকৈ প্ৰায় পাচ কিল'মিটাৰ দুৰত্ব লৈক উলিওৱা হয় ৷
এই জোৰ সমদলত অংশগ্ৰহণ কৰে MMK ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰদেশ্বৰ মিলি ,শোণিতপুৰ জিলাৰ ট্ৰাইবেল সংঘৰ সভাপতি হৰেণ মিলি MMK শোণিতপুৰ জিলা সমিতিৰ সদস্য প্ৰশান্ত মিলি TMPK ৰ শোণিতপুৰ জিলা সমিতিৰ সদস্য বাবুল মিলিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us