অত্যাৱশকীয় খাদ্য সামগ্ৰী, প্ৰেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৰ্ধিত নিবনুৱা সমস্যা বিৰুদ্ধে জোনাইত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা…

অত্যাৱশকীয় খাদ্য সামগ্ৰী, প্ৰেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৰ্ধিত নিবনুৱা সমস্যা বিৰুদ্ধে জোনাইত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা…

author-image
asomiyapratidin
New Update
অত্যাৱশকীয় খাদ্য সামগ্ৰী, প্ৰেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৰ্ধিত নিবনুৱা সমস্যা বিৰুদ্ধে জোনাইত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা…

ডিজিটেল সংবাদ, জোনাই : জোনাই বিধানসভা সমষ্টিৰ মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি অত্যাৱশকীয় খাদ্য সামগ্ৰী, প্ৰেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৰ্ধিত নিবনুৱা সমস্যা বিৰুদ্ধে জনজাগৰণ যাত্ৰা উলিওৱা হয়। ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি বিজয় পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সঞ্জয় পেগু, সাধাৰণ সম্পাদক মহাবীৰ পায়েং, অনুজ দলে, বিজু পেগু, ৰাজীৱ পেগু আদিৰ লগতে বহু কংগ্ৰেছৰ নেতা-কৰ্মীয়ে এই জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰে।

এই জনজাগৰণ যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীসকলে জোনাই সদৰ এলেকাৰ ৰাইজ আৰু ব্যৱসায়ীসকলক সাক্ষাৎ কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত অত্যাৱশকীয় খাদ্য সামগ্ৰী, প্ৰেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বৰ্ধিত নিবনুৱা সমস্যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ জীৱন যাত্ৰা দুৰ্বিষহ হৈ পৰা বুলি উল্লেখ কৰি চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে জনতাক জাগ্ৰত হ'বলৈ কংগ্ৰেছে আহ্বান জনায়।

আৰু পঢ়ক :ৰূপহীহাটত চোৰাং গৰুৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয়! আৰক্ষীয়ে জব্দ কৰিলে ২৮ টা চোৰাং গৰু…

assam price hike congress protest