Advertisment

বড়ো মাধ্যমৰ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ABSUৰ প্ৰতিবাদ...

অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ ABSU'ৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহৰ সহযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ABSU'ৰ কাৰ্বি আংলং জিলা সমিতিয়ে কাৰ্বি

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং

কাৰ্বি আংলং Photograph: (কাৰ্বি আংলং )

ডিজিটেল সংবাদ,  হাওৰাঘাটঃ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ ABSU'ৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহৰ সহযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ABSU'ৰ কাৰ্বি আংলং জিলা সমিতিয়ে কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া অমীমাংসিত শিক্ষা সমস্যা সমাধানৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Advertisment

এবছুৰ লগতে জিলা অগ্ৰণী বড়ো সংগঠন ক্ৰমে বড়ো সাহিত্য সভা, কছাৰী সমাজ, আবৌফ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, সদৌ দুলাৰায় বড়ো হাৰিমু আফাদ, বড়ো গাওঁবুঢ়া সন্থা সদৌ বড়ো কৃষক সন্থা আদিৰ বিষয় ববীয়াসকল উপস্থিত থাকি বড়ো মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত বি টি আৰ চুক্তিৰ জৰিয়তে সমাধন কৰিবলৈ দাবী উত্থাপন কৰে । 

ABSU আৰু অগ্ৰণী বড়ো সংগঠনৰ দাবী সমূহ হৈছে ক্ৰমে - 

  1. অসম ন্যায়িক সেৱা পৰীক্ষাত বড়ো ভাষাৰ কাকত অন্তৰ্ভুক্ত কৰা ।
    2. কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষাত (CTET) বড়োক ভাষা 1 হিচাপে অন্তৰ্ভুক্ত কৰা ।
    3. বড়ো মাধ্যমত 35 খন নতুন 'মডেল হাইস্কুল' স্থাপন কৰা ।
    4. উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 101 খন বড়ো মাধ্যমৰ উচ্চ বিদ্যালয় উন্নীতকৰণ, লগতে এই উন্নীত প্ৰতিষ্ঠানসমূহৰ বাবে শিক্ষক নিয়োগ ।
    5. BTR চুক্তিৰ দফা 6.3 কাৰ্যকৰী কৰি তৎক্ষণাৎ ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণ কৰা ।
    6. বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ খালী আৰু বাদ পৰা পদৰ নিযুক্তি ।
    7. CTET পৰীক্ষাত বড়ো প্ৰশ্ন কাকত লাগে ।
    8. SCERT ত বড়ো প্ৰবক্তা লাগে ।
    9. ABSU'ক সাংবিধানিক অধিকাৰ লাগে ।
    10. EGS বিদ্যালয়সমূহত স্থায়ী শিক্ষক নিয়োগ কৰা ।
    11. উদং পদ সমূহৰ সমাধান ।
    12. মডেল কলেজত বড়ো বিভাগ লাগে ।
    13. শিক্ষাৰ অধিকাৰ নহলে ABSU শান্ত হৈ নাথাকে ।
    14. অসম ন্যায়িক সেৱা পৰীক্ষাত বড়ো প্ৰশ্ন কাকত লাগে ।
    15. অপ্ৰাদেশিকৰণ বিদ্যালয় সমূহৰ সমাধান লাগে । 

এই সন্দৰ্ভত  এবছুৰ লগতে সমূহ বড়ো অগ্ৰনী সংগঠনৰ সহযোগিতা থকা বুলি প্ৰকাশ কৰি ABSU'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কল্যা ৰাভা ব্ৰহ্মই  অতি শীঘ্ৰে সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে ।

কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ