সাংবাদিক বনজিৎ ঠাকুৰীয়াক দুৰ্বৃত্তৰ আক্ৰমণ-গ্ৰেপ্তাৰৰ প্ৰতিবাদ গুৱাহাটী প্ৰেছ ক্লাবত

সাংবাদিকৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
সাংবাদিক বনজিৎ ঠাকুৰীয়াক দুৰ্বৃত্তৰ আক্ৰমণ-গ্ৰেপ্তাৰৰ প্ৰতিবাদ গুৱাহাটী প্ৰেছ ক্লাবত

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক ৭ ছেপ্তেম্বৰৰ মাজনিশা কমাৰ্ছৰ 'ফেট বেলী' নামৰ ৰেষ্টোৰেন্টখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তথ্য সংগ্ৰহৰ বাবে যোৱা অৱস্থাত দুৰ্বৃত্তই আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে খেদি তিনিটা দুৰ্বৃত্তক প্ৰথম অৱস্থাত আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত চানমাৰি আৰক্ষীয়ে ভুক্তভোগী বনজিৎ ঠাকুৰীয়াৰ বিৰুদ্ধেহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

Advertisment

নিশা আৰক্ষীয়ে আটক তিনি আক্ৰমণকাৰীয়ে পুৱা চানমাৰি আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক বনজিৎ ঠাকুৰীয়াকহে গ্ৰেপ্তাৰ কৰে। ইফালে চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈয়ে বনজিৎ ঠাকুৰীয়াক অগ্নিকাণ্ডস্থলীলৈ গৈ কিয় প্ৰশ্ন কৰিব বুলি অদ্ভুত প্ৰশ্ন কৰি সাংবাদিকগৰাকীক উক্ত ঘটনাৰ বাবে জগৰীয়া কৰে। এইদৰে সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ খৰ্ব কৰা চানমাৰি আৰক্ষী থানাৰা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ সাংবাদিক সকল একত্ৰিত হৈছে।

সাংবাদিক বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান আৰু চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শনিবাৰে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত ৰাজ্যৰ কেইবাটাও সাংবাদিক সংগঠন, জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকে বনজিৎ ঠাকুৰীয়াৰ ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই কাৰ্যসূচীত বিভিন্ন সংবাদ গোষ্ঠীৰ সাংবাদিকে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে।

জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অসম বাণীৰ সম্পাদক দিলীপ চন্দন আৰু জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰী, জ্যেষ্ঠ সাংবাদিক পাৰ্থ গোস্বামী, প্ৰণয় বৰদলৈ, পৰম প্ৰকাশ গগৈ, বিপুল শৰ্মা, প্ৰাণজিত শইকীয়া, অচ্যুত পাটোৱৰী আদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

assam ASOMIYA PRATIDIN Assam police