/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2c9c09b0-2c1a-450b-a194-0ba9ac1edc1d/z12.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অসমৰ বিজেপি চৰকাৰে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তথা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মহাপ্ৰবন্ধকে প্ৰকাশ কৰা চাৰ্কুলাৰ দাহেৰে মঙলবাৰে মাৰ্ঘেৰিটা বাছ ষ্টেণ্ডৰ সমিপত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে। ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি তৰা প্ৰসাদ দিহিঙীয়াৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তুলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8ec486e8-09a2-4274-a57b-f42691c64cb8/1541a895_481a_44db_988e_f6decc864302.jpg)
ইয়াৰ পাছতেই বৰ্ধিত বিদ্যুত মাছুলক কেন্দ্ৰ কৰি মঙলবাৰে প্ৰতিবাদত নামি পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি। মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেল পথাৰৰ পৰা মাৰ্ঘেৰিটাৰ নগৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে "অসম চৰকাৰ হায় হায়", "বিদ্যুৎ মন্ত্ৰী মুৰ্দাবাদ" শ্ল'গানেৰে পদযাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7126335b-5ca9-4a8c-ae8f-1676feb0c7b8/725ee091_d775_4875_a5a3_d85e307e76a5.jpg)
ইয়াৰ পাছতে মাৰ্ঘেৰিটা বাছ ষ্টেণ্ডৰ সমীপত অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্তৰে ৰাজ্য চৰকাৰে বিদ্যুতৰ মাছুল অনতিপলমে হ্ৰাস কৰিবলৈ সংবামাধ্যম যোগে প্ৰতিবাদকাৰীসকলে দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/998e877f-45ac-4fd2-99ec-90f35d45ca74/6f38856d_0614_461c_b522_17b9eda4887d.jpg)
Also Read: প্ৰায় ১০০গৰাকী সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চীনৰ হৈ কাম কৰাৰ অভিযোগ...