/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhubri.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাষ্ট্ৰীয় পেঞ্চন ব্যবস্থা চমুকৈ এন, পি, এছ, ব্যৱস্থাই চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি ৰাজ্যৰ কৰ্মচাৰী সমাজে শংকা প্ৰকাশ কৰি আহিছে ৷ এনপিএছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এক অভিশাপ স্বৰূপ ৷ এই ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিছে ৷ উল্লেখ্য যে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধা সমূহ দূৰ কৰাৰ অৰ্থে যোৱা ১২ জুন-২০২২ ইং তাৰিখে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বৰ লগত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হৈছিল ৷ ৰাজ্য চৰকাৰৰ এই ভূমিকাত কৰ্মচাৰীসকলে কিছু আশ্বস্ত হৈছিল যদিও চৰকাৰৰ শেহতীয়া ভূমিকাত কৰ্মচাৰী সমাজে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি বিচাৰিছিল সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ৷ কিন্তু অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয়। সেয়েহে কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তনৰ দাবীত সোমবাৰ ৰাজ্যজুৰি "সৰ্বাত্মক কৰ্মবিৰতি" পালন কৰিছে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই ৷ এই কৰ্মবিৰতিলৈ অসমৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত কৰ্মচাৰী সংস্থাই সমৰ্থন ঘোষণা কৰাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
ৰাষ্ট্ৰীয় পেঞ্চন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেঞ্চন নীতি(অ' পি এচ) প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সোমবাৰে ৰাজ্যৰ আন ঠাইৰ লগতে ধুবুৰী জিলাতো চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।এই কাৰ্যসূচী অংশস্বৰূপে সোমবাৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা শিক্ষক-কৰ্মচাৰী সকলে বিদ্যালয়ত উপস্থিত হৈ অৱস্থান কৰি হাতে-হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ কৰ্মবিৰতি পালন কৰে।
প্ৰতিবাদী কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰে। জিলাখনৰ উক্ত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে হাতে হাতে "Scrap NPS, Restore OPS", "No OPS, No Rest" আদি লিখা ফেষ্টোন প্ৰদৰ্শণ কৰি এন, পি, এছ বাতিল কৰি পুৰণি পেঞ্চন ব্যবস্থা পুণৰ বহালৰ দাবী উত্থাপন কৰে।
আৰু পঢ়ক : বৰপেটাত নতুন পেঞ্চন নীতি বাতিলৰ দাবীত কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী…