বৰমাত অঙ্গনৱাড়ী কৰ্মচাৰীৰ প্ৰতিবাদ...

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ বৰমাতো অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদ । টিহু-বৰমা প্ৰকল্প কৰ্মী সহায়ীকা সন্থাই সোমবাৰৰ পৰা তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে
বৰমাত অঙ্গনৱাড়ী কৰ্মচাৰীৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, বৰমাঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ বৰমাতো অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদ । টিহু-বৰমা প্ৰকল্প কৰ্মী সহায়ীকা সন্থাই সোমবাৰৰ পৰা তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত কৰ্মীসকলে হাতে-হাতে প্লেকাৰ্ড লৈ “শ্ৰমৰ সলনি মাননি নহয়’’, বিজেপি চৰকাৰ হায়-হায়, আমাৰ দাবী নায্য দাবী, মজুৰী দিব নোৱাৰা এই চৰকাৰ হায়-হায়, আদায় দিব নোৱাৰিলে গাদি এৰক, আদি শ্লোগান উত্তাল কৰি তুলে ।

ধৰ্ণা কাৰ্য্যসূচীৰ সম্পাদিকা দিপালী কলিতাই জানিবলৈ দিয়ে যে চৰকাৰে মজুৰি দিব নোৱাৰালৈকে দহ হাজাৰকৈ মাননি দিব লাগে । লগতে তেওঁ কয় যে গাঁৱৰ অংগণাবাড়ী কেন্দ্ৰসমুহক উন্নত মানৰ কৰি তুলিব লাগে । লগতে চৰকাৰে নতুন আঁচনিৰ জৰিয়তে সকলো অংগণাবাড়ী কেন্দ্ৰসমূহক প্ৰাথমিক বিদ্যালয়ৰ লগত সংযোগ কৰা কাৰ্য্যক বিৰোধিতা কৰে ৷

বৰমাত অঙ্গনৱাড়ী কৰ্মচাৰীৰ প্ৰতিবাদ...
১২৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ৰংঘৰ প্ৰকল্পঃ তলাতল ঘৰেও পাব নতুন ৰূপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in