/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2748f4a8-8087-46af-9115-56a14756add4/boko.jpg)
ডিজিটেল সংবাদ: যোৱা ১৪ বছৰে বিনা বেতনে সেৱা আগবঢ়াই অহা বকোৰ নিৰ্মল কলিতাক বঞ্চিত কৰি আন লোকক চতুৰ্থ শ্ৰেণী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াত মঙ্গলবাৰেও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । মঙ্গলবাৰে ত্ৰিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু একাংশ ৰাইজে ' নিৰ্মল কলিতাক নিযুক্তি দিয়ক' - শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে একেমুখে বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদত নিৰ্মল কলিতাৰ বাহিৰে আন লোকক যোগদান কৰিব নিদিয়াৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে সোমবাৰে বকোৰ ছমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ত্ৰিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিযুক্তি দিয়া চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আবিদুৰ ৰহমানক বিদ্যালয়খনত যোগদান কৰাত বাধা প্ৰদান কৰিছিল ।