/asomiyapratidin/media/media_files/2025/03/22/ngMtSFYaN0CW0EwF2wGK.jpg)
দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও- মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ ন-মাটি চাৰিআলিত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। জিলা দুখন সংযোগী গুৰুত্বপূৰ্ণ পথটিৰ ন-মাটি চাৰিআলিটোত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাক লৈ অঞ্চলটোৰ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। গড়কাপ্তানী বিভাগক উক্ত স্থানত গতিৰোধ নিৰ্মানৰ দাবী জনাই অহা হৈছে যদিও বিভাগটোৰ দায়িত্বহীনতাৰ বাবেই সঘনাই ন-মাটি চাৰিআলিত পথ দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছে।
চাৰিআলিটোৰ নিচেই কাষতে এখন প্ৰাথমিক বিদ্যালয় আৰু কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ লগতে দোকান-পোহাৰ থকা এই চাৰিআলিটো সকলোৰে বাবে এক ভয়াবহ ঠাইলৈ পৰিণত হৈছে। দুদিন পূৰ্বে চাৰিআলিটোত হোৱা পথ দুৰ্ঘটনাত শংকৰজ্যোতি ডেকা নামৰ এজন যুৱক আৰু নিজু ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহে আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰে।