আমগুৰি বৰবাম চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

আমগুৰি বৰবাম চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
আমগুৰি বৰবাম চাহ বাগিচাত অসম  চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, গৌৰীপুৰ: বৰবাম চাহ বাগিচাৰ ফেক্টৰী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত আটছাৰ। আটছাৰ বৰবাম চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

বাগিচাত বৃটিছ পলিচী বন্ধ কৰা,বাগিচাৰ প্ৰতিটো পৰিয়ালত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰ্যাপ্ত স্কুল বাচৰ ব্যৱস্থা কৰা, শ্ৰমিকসকলৰ গ্ৰেচ্যুতি, পি এফ, আৰু সুদ দিয়াৰ ব্যৱস্থা কৰা, শ্ৰমিকসকলৰ ঘৰ আৰু লেট্ৰিন মেৰামতিৰ কৰাৰ দাবীত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

দীৰ্ঘদিন ধৰি বৰবাম চাহ বাগিচাত গুডৰিক কোম্পানীয়ে শোষণ কৰাৰ অভিযোগ আনি আটছাই আজি চাৰি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

assam protest