পথ নিৰ্মাণত বাধা! সাংবাদিকৰ বিৰুদ্ধে ধৰ্ণা জনতাৰ...

এগৰাকী সাংবাদিকৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী সাংবাদিকৰ এটা ফেচবুক পোষ্টক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

author-image
Asomiya Pratidin
New Update
পথ নিৰ্মাণত বাধা! সাংবাদিকৰ বিৰুদ্ধে ধৰ্ণা জনতাৰ...

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ এগৰাকী সাংবাদিকৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী সাংবাদিকৰ এটা ফেচবুক পোষ্টক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

Advertisment

মঙলবাৰে অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এখন অতি পিছপৰা গাঁও আৰু বাগিচাৰ লোকে সাংবাদিক গৰাকীৰ বাসগৃহ ঘেৰাও কৰিবলৈ অহা ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰেদি গ'লে পোৱা যায় নামচাং চাহ বাগিছা।

অসম বন আইন প্ৰযোজ্য হোৱাৰ আগতেই স্থাপিত হোৱা নামচাং চাহ বাগিচা আৰু পুৱেৰুণ গাঁওৰ ৰাইজে যিকোনো কামৰ বাবেই জয়পুৰ বা নাহৰকটীয়া আহিব লগা হ'লে সদ্য ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰেদি থকা অতি কদৰ্য ৰাজপথেদি আহিব লগা হয়। যাৰ বাবে তেওঁলোকে শিক্ষা,স্বাস্থ্য সকলো দিশতে দুৰ্ভোগৰ সন্মুখীন হয়।

এই সমস্যাটো সমাধান কৰিবলৈ ৰাইজে বছৰ বছৰ ধৰি দাবী জনোৱাৰ পিছত কিছুদিন পূৰ্বে এই ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে এইক্ষেত্ৰত বন বিভাগৰ পৰা এন অ' চি আদায়ৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা চলায়। কিন্তু এই তথ্য লাভ কৰি এজন সাংবাদিকে সামাজিক মাধ্যমত বিভিন্ন আইনী বিষয় দোহাই দি এই ৰাস্তা নিৰ্মান কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ।

একমাত্ৰ সাংবাদিক গৰাকীৰ বাবেই লোকসকলে তেওঁলোকৰ ৰাস্তা নিৰ্মাণ হোৱাত বাধাৰ সৃষ্টি হ'ব বুলি ভাবি আজি অঞ্চলটোৰ ৪০০ লোকে আহি তেওঁৰ ঘৰ ঘেৰাও কৰাৰ চেষ্টা চলায়। অৱশ্যে প্ৰতিবাদকাৰী লোক সকল সাংবাদিক গৰাকীৰ ঘৰত উপস্থিত হ'লে পৰিস্থিতি বেয়া হ'ব বুলি ভাবি স্থানীয় আৰক্ষী আৰু দণ্ডাধীশে লোকসকলক বাধা দিয়ে।

শেষত প্ৰতিবাদকাৰী সকলে চক্ৰ বিষয়াৰ অফিচত উপস্থিত পথটো নিৰ্মাণত সাংবাদিক গৰাকীয়ে কিয় বাধা প্ৰদান কৰিছে তাৰ ওপৰত বিভিন্ন ধৰ্ণা প্ৰদান কৰি দণ্ডাধীশ গৰাকীৰ হাতত এখন দাবী পত্ৰ প্ৰদান কৰে।

Also Read: জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...