বিদ্যুতৰ মাছুল বৃদ্ধিৰ প্ৰতিবাদ ডবকাত

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ মাছুল বৃদ্ধিৰ প্ৰতিবাদ ডবকাত

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্যত হঠাৎ অস্বাভাৱিক হাৰত বৃদ্ধি পালে বিদ্যুতৰ মাছুল । পূৰ্বতে অহা মাছুলৰ দুগুণ-তিনিগুণ পৰ্যন্ত বৃদ্ধি পালে মাছুল ।  এই সন্দৰ্ভত বিগত কিছু দিন ধৰি ৰাজ্যজুৰি চৰ্চা চলি অহাৰ মাজতেই আজি ৰাতিপুৱা ডবকাত দেখা গ'ল প্ৰতিবাদ । হাতে হাতে বিদ্যুতৰ বিল লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া ভাষ্য অনুসৰি বৃদ্ধি হোৱা নাই বিদ্যুতৰ মাছুল, ইয়াৰ পৰিৱৰ্তে মিটাৰে ভুলকৈ ৰিডিং লোৱাৰ বাবেই ঘটিছে এই ঘটনা ।

Advertisment

আনহাতে, অসম শক্তি বিতৰণ কোম্পেনী লিমিটেডৰ সংবাদ বিজ্ঞপ্তি অনুসৰি এইয়া ৰাজ্যখনত বৃদ্ধি পোৱা অত্যাধিক গৰমৰ বাবে হৈছে । বৈদ্যুতিক পাংখা, শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদিৰ অধিক ব্যৱহাৰৰ ফলত ৰাজ্যত বৃদ্ধি পালে মাছুল ।

এতিয়া প্ৰশ্ন হয়, একেদিনাই দুটা স্থিতি লোৱা চৰকাৰ আৰু চৰক‍াৰী বিভাগৰ কোন নিৰ্ভৰযোগ্য ? 

assam apdcl dabaka