ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ…

ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, সাপেখাতী: চৰাইদেউ সাপেখাতীত শালকাঠনীত তীব্ৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সঞ্জয় কিশানৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাৰ উদ্যোগত সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ কাছাৰ জিলাৰ শিলচৰৰ ডলু চাহ বাগিচাৰ ২৫০০ বিঘাৰ চাহ গছ উচ্ছেদ কৰাৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ অনাগত দিন সমূহতো বাগিছা চৰকাৰে উচ্ছেদ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰো হুংকাৰ ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাছাৰৰ ডলু চাহ বাগিচাত চৰকাৰে চলাইছিল উচ্ছেদ। প্ৰায় ২০০ বছৰ ধৰি মানুহে এই চাহ বাগিচাৰ পৰা জীৱিকা উপাৰ্জন কৰি আহিছে। তেনে ক্ষেত্ৰত চৰকাৰৰ এনে সিদ্ধান্তক হঠকাৰী বুলি কৈছে একাংশ দল সংগঠনে।

আৰু পঢ়ক: কনিষ্টবল পদত নিযুক্তি লাভ কৰা সকলে যোগদানৰ বাবে যাওঁতে নিব লাগিব এইসমূহ সামগ্ৰী….

assam protest cachar