/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/pranita.jpg)
ডিজিটেল ডেস্ক : জামিন মঞ্জুৰ হ'ল কাৰাৰুদ্ধ প্ৰণীতা চুতীয়াৰ। বিগত ডেৰমাহে কাৰাবন্দী হৈ আছিল উশ্বু খেলুৱৈগৰাকী। চৰাইদেউৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে প্ৰণীতাৰ জামিন। ফেচবুকত আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল প্ৰণীতা।
ডেৰমাহৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰচাৰিত এক বাতৰিত আলফা স্বাধীনক সমৰ্থন কৰি কমেন্ট কৰিছিল প্ৰণীতাই। প্ৰণীতাই লিখিছিল আলফাৰ লিংক পালে মইও যাম আলফালৈ, আই লাভ আলফা বুলি কমেন্ট কৰি গ্ৰেপ্তাৰ হৈছিল উশ্বু খেলুৱৈগৰাকী।
মৰাণহাট আৰক্ষীথানাত প্ৰণীতাৰ বিৰুদ্ধে 36/22ত 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাত গোচৰ ৰুজু কৰিছিল চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে। অহা ৭ আগষ্টত জিলাভিত্তিক উশ্বু চেমপিয়নছিপত অংশ ল'ব প্ৰণীতাই।
আৰু পঢ়ক : সুৰাপান কৰোঁতে সাৱধান হওঁক, বিষাক্ত সুৰাপান কৰি মৃত্যু ৯ জনৰ…