নাঙলে ট্ৰেক্টৰক একো পাত্তা নাপায়ঃ তামুলপুৰত প্ৰমোদ বড়ো

নাঙলে ট্ৰেক্টৰক একো পাত্তা নাপায়ঃ তামুলপুৰত প্ৰমোদ বড়ো

author-image
asomiyapratidin
New Update
নাঙলে ট্ৰেক্টৰক একো পাত্তা নাপায়ঃ তামুলপুৰত প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, তামুলপুৰঃ 'নাঙলে ট্ৰেক্টৰক একো পাত্তা নাপায়। আমি সমাগত লোকসভা নিৰ্বাচনত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ী হোৱাটো নিশ্চিত। মাত্ৰ ফলাফললৈহে বাকী আছে।' -এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ। শনিবাৰে ৰামেচুবুৰী বজাৰত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খা গৌৰা ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত যোগদান কৰি এই মন্তব্য কৰে তেওঁ।

Advertisment

ভাষণ প্ৰসংগত তেওঁ কয় যে হাগ্ৰামা আৰু নৱ কুমাৰ শৰণীয়াৰ উন্নয়নৰ কোনো নতুন আঁচনিয়ে নাই। সেইবাবে তেওঁলোকে নিৰ্বাচনী সভাত মোৰ বিৰুদ্ধে আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে। বড়ো-অনা বড়োৰ মাজত ভাগ ভাগ কৰাতকৈ তেওঁলোকে ইমান বছৰে কি কৰিলে তাৰ হিচাপ ৰাইজক দিয়ক। হাগ্ৰামাই ৰামদেৱক বিটিচিৰ মাটি দিছে কিন্তু বিটিচিৰ কিমান মানুহৰ মাটি নাই তাৰ হিচাপ হাগ্ৰামাৰ হাতত নাই। বিটিচিত এনে বহু মানুহ আছে যাৰ থাকিবলৈ এক কঠা মাটি নাই। বিটিচিত কোনো সংস্থাপন নাই। ফলত বিটিচিৰ নিবনুৱা যুৱক-যুৱতীসকলে আজি বহিঃ ৰাজ্যত গৈ চকিদাৰী কৰিব লগা হৈছে।

দুখীয়া মানুহৰ বাবে আজি ১৭ বছৰে হাগ্ৰামাই কোনো ধৰণৰ আঁচনিয়ে লোৱা নাই। ইফালে নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰমোদ বড়োই। বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তন, বিটিচি চুক্তি বাতিল- এইবোৰ অসাংবিধানিক কথাবোৰ কৈয়ে সময়বোৰ পাৰ কৰিলে নৱ শৰণীয়াই বুলি অভিযোগ কৰে তেওঁ।

সাংসদ পুঁজিৰ ২৫ কোটি টকা সাংসদ গৰাকীয়ে ক'ত খৰচ কৰিলে বুলিও সাংসদ গৰাকীক প্ৰশ্ন কৰে। হাগ্ৰামা এণ্ড কোম্পানীয়ে বিটিচিলৈ অহা পাঁচ হাজাৰ কোটি টকাৰ সিংহ ভাগ হজম কৰা বুলি দাবী কৰি কয়, 'হাগ্ৰামাক আমি ১৭ বছৰে চালো। এতিয়া আমি বিটিচি চৰকাৰ সলনি কৰিব লাগিব। আপোনালোকৰ হাতত ডাঙৰ শক্তি আছে সেই শক্তি হ'ল ভোট। আপোনালোকৰ বহুমুলীয়া ভোটেৰে চৰকাৰ সলনি কৰিব পাৰিব।' সেয়ে এইবাৰ ট্ৰেক্টৰৰ ছবিত ভোট দি ইউজি ব্ৰহ্মক জিকাবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।

তামুলপুৰ আঞ্চলিক এবছুৰ উপদেষ্টা জিতেন মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ২৮নং গয়বাৰী ব্লক নিৰ্বাচনী সমিতিৰ উপদেষ্টা সন্তৰাম ব্ৰহ্মও ভাষণ দিয়ে। এই নিৰ্বাচনী সভাত ইউপিপিএলৰ নেতা বাণীকান্ত বসুমতাৰী, ইউপিপিএলৰ তামুলপুৰ জিলা মহিলা মৰ্ছাৰ সভানেত্ৰী কুঞ্জ বসুমতাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ মহিলা মৰ্ছাৰ সম্পাদিকা মাধৱী স্বৰ্গীয়াৰীকে ধৰি প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলা উপস্থিত থাকে।