মৰতৰ ঠিকনা এৰি সৰগৰ ঠিকনা ল'লে বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্তই...

মৰতৰ ঠিকনা এৰি সৰগৰ ঠিকনা ল'লে বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্তই...

ডিজিটেল ডেস্ক : বিগত বৰ্ষত অসমে কেইবা গৰাকীও নমস্য ব্যক্তিক কাল বলুকাত হেৰুৱাই শোকত ভাগি পৰিছিল । সকলোৰে আশা আছিল যে নৱবৰ্ষত অভিভাৱকহীন নহওক অসমীয়া ৰাইজ, কিন্তু সময়ৰ কঠোৰ হাতোৰাক বাধা দিয়ে কোনে ?

বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰত অৱস্থিত শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰী লীলাকান্ত মহন্তদেৱৰ ৰবিবাৰে নিশা ২.১৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে । বিশিষ্ট বৈষ্ণৱ পণ্ডিত গৰাকী বিগত কিছু দিনৰ পৰাই অসুস্থ অৱস্থাত আছিল যাৰ বাবে ৩১ জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হৈছিল সত্ৰ মহাসভাৰো প্ৰাক্তন সভাপতি গৰাকীক ।

মহাপুৰুষীয়া সাহিত্যৰ এজন উচ্চ স্তৰীয় সাধক লীলাকান্ত মহন্তই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল । তাৰ ভিতৰত মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ, ব্ৰহ্মপ্ৰাণৰ কাহিনী, বাসুদেৱ মূৰ্তিৰ আলৌকিক আৱিৰ্ভাৱ, নামঘোষ‍া মাধুৰ্য্য আদি অন্যতম । গুৰুজনাৰ আৰ্হিত তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য অংকীয়া নাট হ'ল সুৰুচি দৰ্পচূৰ্ণ, ধ্ৰুৱৰ স্বৰ্গাৰোহণ, উষা-অনিৰুদ্ধ, ইন্দ্ৰদূম্ন্য উপাখ্যান, হৰিচন্দ্ৰৰ উপাখ্যান, সুন্দৰাকাণ্ড অন্যতম । ওহি বালেকৰ কেলি, প্ৰচণ্ড পৌন্ড্ৰক তেওঁ ৰচনা কৰা শিশু নাট । ভাওনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ আছে বিশেষ অৰিহণ‍া ।

১৯৭০ চনতেই দিল্লীৰ বৃন্দাবনত সাংস্কৃতিক দল লৈ ভাওনা প্ৰদৰ্শন কৰিছিল লীলাকান্ত মহন্তই । ২০১০ চনত বাংগালুৰুত ৰবি শংকৰ আশ্ৰমত বক্তৃতা দিছিল তেওঁ । ২০০৫ চনত মুম্বাইৰ সন্যাস আশ্ৰমত অনুষ্ঠিত হোৱা ভাৰতৰ আচাৰ্য সন্মিলনত অংশ লৈ হিন্দু ধৰ্মৰ ৰক্ষণাবেক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল এই গৰাকী বিদগ্ধ পণ্ডিতে ।

সেতু বন্ধনৰ দৰে ভাওনা সমাৰোহ তেওঁৰেই চিন্তাৰ ফচল । ইয়াৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীয় ভাষাত প্ৰদৰ্শন কৰা হৈছিল ভাওনা । এই গৰাকী বৈষ্ণৱ পণ্ডিতৰ অসুস্থতাৰ খবৰে তেওঁৰ গুণগ্ৰাহী সকলক চিন্তিত কৰি ৰাখিছিল । চিকিৎসালয়ত থকাৰ সময়তো তেওঁ ভাগৱত চৰ্চা, ভাগৱত শ্ৰৱণ, ভাগৱত পাঠ অব্যাহত ৰাখিছিল ।

মৃত্যুৰ সময়ত তেওঁ ৫ পুত্ৰ আৰু পত্নী বিশিষ্ট লেখিকা নিৰুপমা মহন্ত সহ আত্মীয় স্বজনক এৰি থৈ গৈছে । তেওঁৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰ জ্যোতি মহন্ত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান । তেওঁৰ আন এজন পুত্ৰ অমৰ জ্যোতি মহন্তই অভিযান্ত্ৰিক শিক্ষা সাং কৰি ব্যৱসায়েৰে প্ৰতিষ্ঠিত হৈছিল । তেওঁৰ তৃতীয় পুত্ৰ সৌমাৰ জ্যোতি মহন্ত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ । তেওঁৰ চতুৰ্থ পুত্ৰ ননী গোপাল মহন্ত বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা উপদেষ্টা আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ শ্যাম কানু মহন্ত বিশিষ্ট উদ্যোগী ।

সদায়েই এক অধ্যাত্মিক পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা লীলাকান্ত মহন্ত দেৱে মৃত্যুৰ সময়তো তেনে এক পৰিৱেশৰ মাজতেই ইহলীলা সম্বৰণ কৰিলে । আনকি মৃত্যুৰ পূৰ্বে জ্যেষ্ঠ পুত্ৰ মহন্তক তেওঁ কৈ গৈছিল পৰিয়ালটোৰ জ্যেষ্ঠ হোৱা সূত্ৰে পিতৃৰ দৰে দায়িত্ব পালন কৰিবলৈ ।

মৃত্যুৰ পূৰ্বে তেওঁ ভগৱানৰ চতুৰ্ভূজৰ অংগীমাৰে ধ্যান কৰাৰ লগতে ওচৰ চুবুৰীয়া জ্যেষ্ঠ জনক মাতি আনি এক আধ্যাত্মিক পৰিৱেশত কিছু সময় অতিবাহিত কৰিছিল । অতি সৎ, সৰল আৰু বিনয়ী লীলাকান্ত মহন্ত দেৱে সত্ৰীয়া সংস্কৃতিৰ সাধনা কৰাৰ লগতে তেওঁৰ পৰিয়ালটোকো এক আদৰ্শ পৰিয়ালৰূপে প্ৰতিষ্ঠা কৰিছিল । তেখেতৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।

মৃত্যুৰ পূৰ্বে তেওঁ তামোল পাণৰ শৰাই লৈ বৰলুইতক সেৱা কৰি প্ৰকৃতিৰ ওচৰত অজানিতে জীৱনত কৰা ভুল- মাৰ্জনাবোৰৰ ক্ষমা বিচাৰিবলৈ আগ্ৰহ ব্যক্ত কৰিছিল । পৰিয়ালেও তেনে এক ব্যৱস্থা কৰিছিল যদিও অসুস্থতাৰ বাবে সেইয়া সম্ভৱ নহ'ল ।

মৰতৰ ঠিকনা এৰি সৰগৰ ঠিকনা ল'লে বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্তই...
নাগালেণ্ডৰ চাইনিছ সমষ্টিত নিৰ্বাচনী কৰ্তব্য কৰিবলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in