নাগালেণ্ডৰ চাইনিছ সমষ্টিত নিৰ্বাচনী কৰ্তব্য কৰিবলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত

নাগালেণ্ডৰ চাইনিছ সমষ্টিত নিৰ্বাচনী কৰ্তব্য কৰিবলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত

ডিজিটেল সংবাদ, বেকাজান : নিৰ্বাচনী কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা এখন বাছ দেওবাৰে বিয়লি ৱাখা জিলাৰ দৈয়াং ব্ৰীজৰ সমীপত দুৰ্ঘটনাত পতিত হোৱাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে অন্য ১৫ জন গুৰুতৰভাৱে আহত হয়। নাগালেণ্ড আৰক্ষীয়ে জানিবলৈ মতে AS01LC-0882 নম্বৰৰ এখন ট্ৰেভেলাৰ ফৰ্চ গাড়ীয়ে নিৰাপত্তা আৰু ভোটগ্ৰহণকাৰীকে ধৰি মুঠ ১৬ জন লোকক লৈ ৱাখা জিলাৰ ৩৯ নং চাইনিছ সমষ্টিত চুংগ্ৰো ছেক্টৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ আছিল। তেনেতে বাহনখন যান্ত্ৰিক বিজুতি ঘটাত পথৰ পৰা বাগৰি পৰে।

বাহনখনত চালক, হেণ্ডিমেন, নাগালেণ্ড আৰক্ষীৰ এজন জোৱান, ঝাৰখণ্ডৰ আই আৰ বিৰ ৮ জন জোৱান আৰু ৫ জন ভোটগ্ৰহণ বিষয়া আছিল । দুৰ্ঘটনাত হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়। আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয় ৱাখালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৯ জনক বিমানযোগে ডিমাপুৰলৈ প্ৰেৰণ কৰি চি আই এইচ এছ আৰত ভৰ্তি কৰোৱা হয়। । যান্ত্ৰিক বিজুতিৰ বাবে বাছখন দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ১৫ জনেই আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে পাঁচজন গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে নজনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in