ঢকুৱাখনাৰ বিশিষ্ট চিকিৎসক উপেন বৰুৱাৰ বিয়োগ...

ঢকুৱাখনা মহকুমাৰ গোৱাল গাঁৱৰ সুযোগ্য সুসন্তান, সম্প্ৰতি গুৱাহাটীৰ নিবাসী সুচিকিৎসক উপেন বৰুৱাৰ মঙ্গলবাৰে পুৱা ৭ বজাত গুৱাহাটীৰ এপ'ল' হস্পিতেলত শেষ নিশ্বাস ত্যাগ কৰে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ বিশিষ্ট চিকিৎসক উপেন বৰুৱাৰ বিয়োগ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ গোৱাল গাঁৱৰ সুযোগ্য সুসন্তান, সম্প্ৰতি গুৱাহাটীৰ নিবাসী সুচিকিৎসক উপেন বৰুৱাৰ মঙ্গলবাৰে পুৱা ৭ বজাত গুৱাহাটীৰ এপ'ল' হস্পিতেলত শেষ নিশ্বাস ত্যাগ কৰে । অত্যন্ত মেধাবী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন চিকিৎসক উপেন বৰুৱাই ১৯৭০ চনত ঢকুৱাখনা হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সংস্কৃত আৰু গণিত বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ  ১৯৭২ চনত জয়সাগৰ মহাবিদ্যালয়ৰ পৰা প্ৰাকস্নাতক বিজ্ঞান শাখাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৬ষ্ঠ স্থান দখল কৰি ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

Advertisment

পৰৱৰ্তী সময়ত  তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম এছ ডিগ্ৰী অর্জন কৰি এজন সুচিকিৎসক হিচাবে নামৰূপ সাৰ কাৰখানাৰ পৰা কৰ্মজীৱনৰ অৱসৰ গ্ৰহণ কৰে । কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বৰুৱাই খেতিপথাৰৰ সকলো কামৰ দায়িত্ব পালন কৰিও নিজৰ পঢ়াৰ ক্ষেত্ৰত অত্যন্ত মেধাৰ পৰিচয় দি আহিছিল ।

ছবছৰৰ আগতে বৃক্ক সংৰোপন কৰাৰ পিছত তেওঁ সুস্বাস্থ্যৰে এখন ব্যক্তিগত নাৰ্ছিংহোমত মৃত্যুৰ আগমূহুৰ্তলৈকৈ মানৱ সেৱা আগবঢ়াই আহিছিল ।  বৰুৱাই কালি ৰাতি শ্বাস প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে এপ'ল' হস্পিতেলত ভৰ্তি কৰোৱা হয় যদিও পুৱাৰ ভাগত শেষনিস্বাস ত্যাগ কৰে । ৬৬ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা বৰুৱাই মৃত্যুৰ সময়ত পত্নী ৰীণা দুৱৰা বৰুৱা আৰু একমাত্ৰ পুত্ৰসন্তান ডাঃ সপ্তৰ্ষি বৰুৱা সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায় । বিশিষ্ট চিকিৎসক গৰাকীৰ বিয়োগত বৰুৱাৰ গৃহ ভূমি ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে।

আৰু পঢ়ক : ডিব্ৰুগড় ৰেগিং কাণ্ডত নাম সাঙোৰ খালে সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ

assam dhakuakhana