তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱা : তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁও জিলাৰ ধিং গাঁও এম ই স্কুলত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সৃষ্টি কৰাৰ বাবে এক শোভাযাত্ৰা উলিওৱা হয়।

Advertisment

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ সভাপতি মিজানুল ইছলামে শুভাৰম্ভ কৰা শোভাযাত্ৰাত ধিং গাঁও এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। শোভাযাত্ৰা ধিং গাঁও এম ই স্কুলৰ পৰা আৰম্ভ কৰি শিমলুআটি, ধিং গাঁও অঞ্চল পৰিভ্ৰমণ কৰি ঘৰ ঘৰ ত্ৰিৰংগা শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

আৰু পঢ়ক : ১৬ আগষ্টত যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান…

nagaon independence day assam